NORTHEAST NOW (Assamese)
Popular Stories

স্বাধীনতাৰ ৭৫ বছৰ পাছতো সমাজত শিপাই আছে বৈষম্য: ন্যায়াধীশ উজ্জ্বল ভূঞা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 24, 2026 1:11 pm

আদালতসমূহে নিৰন্তৰভাৱে সাংবিধানিক নৈতিকতাৰ সপক্ষে মাত মাতি আহিছে যদিও, বাস্তৱিকতে স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো আমাৰ সমাজত বিভেদ আৰু বৈষম্য গভীৰভাৱে শিপাই আছে। শেহতীয়াকৈ তেলেংগানা ন্যায়াধীশ সন্থা আৰু তেলেংগানা ৰাজ্যিক ন্যায়িক একাডেমীৰ দ্বাৰা আয়োজিত এখন আলোচনা চক্ৰত ‘সাংবিধানিক নৈতিকতা আৰু জিলা ন্যায়পালিকাৰ ভূমিকা’ শীৰ্ষক বিষয়ত ভাষণ প্ৰদান কৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

নিজৰ বক্তব্যত সমাজৰ এই ত্ৰুটিসমূহ আঙুলিয়াই দিবলৈ গৈ তেওঁ দুটা বিশেষ ঘটনাৰ উদাহৰণ দাঙি ধৰে। প্ৰথমটো উদাহৰণত তেওঁ কয় যে দক্ষিণ দিল্লীত তেওঁৰ কন্যাৰ এগৰাকী বান্ধৱীক কেৱল মুছলমান হোৱাৰ বাবেই এগৰাকী ঘৰৰ মালিকে ভাড়াতীয়া হিচাপে ৰাখিবলৈ অস্বীকাৰ কৰিছিল। উপাধিৰ পৰা যুৱতীগৰাকীৰ ধৰ্মীয় পৰিচয় গম পোৱাৰ লগে লগে মালিকগৰাকীয়ে তেওঁক অন্য ঠাইত ঘৰ বিচাৰিবলৈ স্পষ্টভাৱে কৈছিল। আন এক উদাহৰণত ন্যায়াধীশ ভূঞাই ওড়িশাৰ চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ কথা উল্লেখ কৰে, য’ত এগৰাকী দলিত মহিলাই ৰন্ধা-বঢ়া কৰাৰ বাবে একাংশ অভিভাৱকে নিজৰ সন্তানক বিদ্যালয়লৈ পঠিয়াবলৈ অস্বীকাৰ কৰিছিল।

এই উদাহৰণসমূহ দাঙি ধৰি তেওঁ কয় যে এইবোৰে সমাজত প্ৰচলিত গভীৰ বিভেদৰ মাত্ৰ এটা সৰু অংশহে প্ৰতিফলিত কৰে। সংবিধানে আমাৰ পৰা যি নৈতিকতা আশা কৰে আৰু আমি ঘৰত বা সমাজত যি নৈতিকতা পালন কৰোঁ, তাৰ মাজত আকাশ-পাতাল পাৰ্থক্য আছে বুলি তেওঁ আক্ষেপ প্ৰকাশ কৰে। লগতে তেওঁ নাজ ফাউণ্ডেচন গোচৰৰ পৰা আৰম্ভ কৰি নৱতেজ সিং জোহৰ গোচৰলৈকে সাংবিধানিক নৈতিকতাৰ ধাৰণাটো কেনেদৰে বিকশিত হৈছে, তাৰো বৰ্ণনা কৰে।

জিলা পৰ্যায়ৰ ন্যায়িক ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে সাধাৰণ লোকসকলৰ বাবে বিচাৰ আদালতসমূহ হৈছে ন্যায়প্ৰাপ্তিৰ প্ৰথমটো খটখটী। সেয়েহে এই আদালতসমূহৰ বিচাৰকসকলক উচিত সন্মান প্ৰদান কৰাটো জৰুৰী। উচ্চ ন্যায়ালয়সমূহে এই আদালতসমূহৰ পৰামৰ্শদাতা হিচাপে কাম কৰা উচিত বুলি তেওঁ মত পোষণ কৰে।

ন্যায়পালিকাত সকলো শ্ৰেণীৰ অংশগ্ৰহণ সন্দৰ্ভত ন্যায়াধীশ ভূঞাই তেলেংগানাৰ ন্যায়িক সেৱাৰ এক ইতিবাচক দিশ দাঙি ধৰে। তেওঁ প্ৰদান কৰা পৰিসংখ্যা অনুসৰি, তেলেংগানা ন্যায়িক সেৱাত অনুমোদিত ৬৫৫ টা পদৰ ভিতৰত বৰ্তমান ৪৭৮ গৰাকী বিষয়া কৰ্মৰত হৈ আছে আৰু ইয়াৰে ২৮৩ গৰাকীয়েই হ’ল মহিলা, যিটো মুঠ কৰ্মৰত বিষয়াৰ ৫০ শতাংশতকৈয়ো অধিক। প্ৰান্তীয় শ্ৰেণীৰ প্ৰতিনিধিত্বৰ ক্ষেত্ৰতো ৰাজ্যখনে উল্লেখনীয় সফলতা লাভ কৰিছে। বৰ্তমান ন্যায়িক সেৱাত ৭৬ গৰাকী বিষয়া অনুসূচিত জাতিৰ (SC), ৪৬ গৰাকী বিষয়া অনুসূচিত জনজাতিৰ (ST) আৰু ২৫ গৰাকী বিষয়া সংখ্যালঘু সম্প্ৰদায়ৰ। ইয়াৰ উপৰিও, উচ্চতম ন্যায়ালয়ৰ শেহতীয়া এক ৰায়দানৰ পাছত ৫ গৰাকী দিব্যাংগ বিষয়ায়ো ন্যায়িক ব্যৱস্থাটোৰ অংশ হৈছে।

ন্যায়াধীশ ভূঞাই কয়, “ন্যায়পালিকা এক সৰ্বাংগীন প্ৰতিষ্ঠান হ’ব লাগে আৰু ই ভাৰতৰ বৈচিত্ৰ্যক প্ৰতিনিধিত্ব কৰিব লাগে। ইয়াত ৰামধেনুৰ সকলো ৰং থাকিব লাগে। মই ন্যায়পালিকাত তৃতীয় লিংগ বা আন যৌন সংখ্যালঘু সম্প্ৰদায়ৰ ব্যক্তিসকলকো দেখিবলৈ পালে নথৈ আনন্দিত হ’ম।”

ভাষণৰ শেষত ন্যায়ধীশগৰাকীয়ে প্ৰাৰম্ভিক পৰ্যায়ৰ ন্যায়িক পদৰ বাবে আবেদন কৰিবলৈ অধিবক্তা হিচাপে ন্যূনতম ৩ বছৰৰ অনুশীলন বাধ্যতামূলক কৰা নিয়মটোৱে মহিলা প্ৰাৰ্থীসকলৰ ওপৰত কেনে প্ৰভাৱ পেলাব সেই সম্পৰ্কেও তেওঁ চিন্তা ব্যক্ত কৰে। বিশেষকৈ গ্ৰাম্যাঞ্চলৰ পৰা অহা মহিলাসকলৰ বাবে আৰ্থিক অনিশ্চয়তা আৰু বিবাহৰ বাবে পৰিয়ালৰ চাপৰ ফলত এই ৩ বছৰীয়া নিয়মটোৱে ন্যায়িক সেৱাত মহিলাৰ প্ৰৱেশত বাধাৰ সৃষ্টি কৰিব পাৰে নেকি, সেয়া সময়তহে লক্ষ্য কৰিব পৰা যাব বুলি তেওঁ উল্লেখ কৰে।