NORTHEAST NOW (Assamese)
Popular Stories

জালিয়াতিৰে বীমাৰ ধন আত্মসাৎ আৰু বিকৃত যৌন ইচ্ছাৰ বাবে নিজৰ ভৰি কাটি গ্ৰেপ্তাৰ ব্ৰিটিছ চিকিৎসক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 6, 2025 3:51 pm

ৰয়েল কৰ্ণৱাল হাস্পতালৰ প্ৰাক্তন চিকিৎসক নীল হপাৰ (৪৯)ৰ বিৰুদ্ধে বীমাৰ ধন জালিয়াতিৰে আত্মসাৎ কৰা আৰু বিকৃত যৌন কামনা পূৰণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। হপাৰে ইচ্ছাকৃতভাৱে নিজৰ ভৰি দুখন কাটি পেলাই প্ৰায় ৫ কোটি টকা (৫ লাখ পাউণ্ড) বীমাৰ ধন দাবী কৰিছিল। তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, এই ঘটনাৰ আঁৰত আছিল তেওঁৰ অদ্ভুত যৌন ইচ্ছা পূৰণৰ উদ্দেশ্য।

উল্লেখ্য যে ২০১৩ চনৰ পৰা ২০২৩ চনৰ মাৰ্চলৈকে হপাৰে ৰয়েল কৰ্ণৱাল হাস্পতালত চিকিৎসক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৯ চনৰ এপ্ৰিল মাহৰ পৰা তেওঁ শুকান বৰফ ব্যৱহাৰ কৰি নিজৰ ভৰি দুখন ইচ্ছাকৃতভাৱে ক্ষতিগ্ৰস্ত কৰিবলৈ আৰম্ভ কৰে। বাৰে বাৰে এই পদ্ধতি অৱলম্বন কৰাৰ ফলত তেওঁৰ ভৰি দুখন অস্ত্ৰোপচাৰৰ জৰিয়তে কাটি পেলোৱাৰ পৰিস্থিতিৰ সৃষ্টি হয়। হপাৰে এই কাম নিজৰ দীৰ্ঘদিনীয়া বিকৃত যৌন কামনা পূৰণৰ বাবে কৰিছিল বুলি তদন্তত প্ৰকাশ পাইছে।

কাটি পেলোৱাৰ মাত্ৰ ছমাহৰ ভিতৰতে হপাৰে কৃত্ৰিম ভৰি ব্যৱহাৰ কৰি পুনৰ কৰ্মক্ষেত্ৰলৈ উভতি আহে। কিন্তু ২০২৩ চনৰ মাৰ্চ মাহত তেওঁক গ্ৰেপ্তাৰ কৰা হয় আৰু ডিচেম্বৰ মাহত তেওঁক মেডিকেল ৰেজিষ্টাৰৰ পৰা আঁতৰাই পেলোৱা হয়।

জালিয়াতিৰ অভিযোগৰ সমান্তৰালভাৱে হপাৰৰ বিৰুদ্ধে অত্যন্ত অশ্লীল যৌন ভিডিঅ’ ৰখাৰ অভিযোগ উত্থাপন হয়। তেওঁ এটা ৱেবছাইটৰ পৰা তিনিটা ভিডিঅ’ ক্ৰয় কৰিছিল, য’ত পুৰুষে স্বেচ্ছাই নিজৰ যৌনাংগ আঁতৰোৱাৰ দৃশ্য দেখা গৈছিল। এই ভিডিঅ’বোৰৰ মূল্য আছিল ১০ পাউণ্ড (প্ৰায় ১১০০ টকা) আৰু ৩৫ পাউণ্ড (প্ৰায় ৪১০০ টকা)। তদুপৰি, হপাৰে ৱেবছাইটৰ মালিক গুস্তাভছনৰ সৈতে প্ৰায় ১৫০০টা মেছেজৰ আদান-প্ৰদান কৰিছিল, য’ত তেওঁ নিজৰ ভৰি কাটি পেলোৱাৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰিছিল।

হপাৰৰ অধিবক্তাই আদালতত দাবী কৰে যে তেওঁ সৰুৰে পৰাই “বডি ডিছফ’ৰিয়া” নামৰ মানসিক ৰোগত আক্ৰান্ত আছিল। এই ৰোগৰ বাবে তেওঁ নিজৰ ভৰি দুখনক শৰীৰৰ অবাঞ্চিত অংগ বুলি বিশ্বাস কৰিছিল আৰু সেইবোৰ আঁতৰোৱাৰ যৌন ইচ্ছাৰ দ্বাৰা পৰিচালিত হৈছিল। হপাৰে আদালতত তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ স্বীকাৰ কৰে।

ন্যায়াধীশ জেমছ এডকিনে হপাৰক ৩২ মাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। এই ঘটনাই চিকিৎসা সম্প্ৰদায়ৰ লগতে সাধাৰণ জনতাৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।