NORTHEAST NOW (Assamese)
অসম

আমেৰিকাৰ দৰেই অবৈধভাৱে বাস কৰা ভাৰতীয়ক বিচাৰিছে ব্ৰিটিছ প্ৰশাসনে! একাধিক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 11, 2025 3:19 pm

আমেৰিকাই অবৈধভাৱে বাস কৰা ভাৰতীয়ক বিতাড়ন কৰিবলৈ আৰম্ভ কৰিছে। প্ৰথম পৰ্যায়ত ১০৪ জন লোকক উভতাই পঠিওৱা হৈছে। নতুন দিল্লীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে আৰু ৪৮৭ জন লোকক বিতাড়িত কৰা হ’ব।

কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ভাৰতীয়সকলক কেৱল আমেৰিকাৰ পৰাই বিতাড়িত কৰা হ’ব নে তেওঁলোকক আন দেশৰ পৰাও ঘূৰাই পঠিওৱা হ’ব। কাৰণ আমেৰিকাৰ পিছত ব্ৰিটেইনেও সেই দেশত অবৈধভাৱে বসবাস কৰা ভাৰতীয়ক বিচাৰিবলৈ আৰম্ভ কৰিছে।

আমেৰিকাৰ শৈলীকে যেন ব্ৰিটেইনেও গ্ৰহণ কৰিছে! যোৱা কিছুদিন ধৰি সমগ্ৰ দেশৰ ৰেষ্টুৰেণ্ট, শ্বপিং মল, পেট্ৰ’ল পাম্প, গাড়ী চাফা কৰা দোকান আদিত আৰক্ষী আৰু প্ৰশাসনৰ বিষয়াই অভিযান চলাই আহিছে।

দেশত কোনে অবৈধভাৱে বসবাস কৰি আছে সেই সন্দৰ্ভত তথ্য সংগ্ৰহ কৰা হৈছে। ইতিমধ্যে উত্তৰ ইংলেণ্ডৰ হাম্বাৰছাইডৰ এখন ৰেষ্টুৰেণ্টৰ পৰা ৭ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

ব্ৰিটিছ প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি কেৱল জানুৱাৰী মাহত সমগ্ৰ দেশৰ ৮০০ৰো অধিক স্থানত অভিযান চলোৱা হৈছিল। এমাহত প্ৰায় ৬০০ লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকে স্পষ্টকৈ উল্লেখ কৰিছে যে সকলোৱে অনুপ্ৰৱেশ আইন মানি চলিব লাগিব। অবৈধভাৱে জীয়াই থকা যিকোনো লোকক আটক কৰা হ’ব।

 ইফালে আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ এক প্ৰতিবেদন অনুসৰি ব্ৰিটেইনত এই বিষয়ত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা বিগত এটা বছৰত ৭৩ শতাংশ বৃদ্ধি পাইছে।

আমেৰিকাৰ পৰা উভতি অহা ভাৰতীয়সকলৰ প্ৰতি নিৰ্দয় আচৰণৰ অভিযোগ উত্থাপন হৈছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে কেইবাখনো ফটো আৰু ভিডিঅ’, য’ত ভাৰতীয়ক হাত ভৰি বন্ধা, কঁকালত ৰছী বান্ধি বিমানত উঠাই লৈ যোৱা হৈছে। এনে এটা ভিডিঅ’ মুকলি কৰিছে খোদ আমেৰিকাই। সেইটোৱেই হুলস্থুলৰ সৃষ্টি কৰিছে।

আমেৰিকাৰ পৰা উভতি অহা বহু ভাৰতীয়ই কয় যে তেওঁলোকক বাকচৰ দৰে বিমানত দলিয়াই উঠাই দিয়া হৈছিল। এই অভিযোগৰ সন্দৰ্ভত নতুন দিল্লীৰ প্ৰত্যুত্তৰ হ’ল আমেৰিকা প্ৰশাসনক স্পষ্টকৈ জনোৱা হৈছে যে যদি এনে অভিযোগ পোৱা যায় তেন্তে তেওঁলোকে উচ্চ পৰ্যায়ত অভিযোগ দাখিল কৰিব। এতিয়া ব্ৰিটেইনতো অনুৰূপ গ্ৰেপ্তাৰ আৰম্ভ হোৱাৰ লগে লগে প্ৰবাসী ভাৰতীয়ৰ মাজত চাপ বাঢ়িছে।

শেহতীয়াকৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে সংসদত জনায় যে আমেৰিকাৰ বহিষ্কাৰ প্ৰক্ৰিয়াটো নতুন কথা নহয়, বহু বছৰ ধৰি চলি আহিছে। তেওঁৰ তথ্য অনুসৰি ২০১৯ চনত আমেৰিকাৰ পৰা সৰ্বাধিক ভাৰতীয় বিতাড়িত হৈছিল, ২০৪২ জন। ২০২০ চনত ১৮৮৯ জন ভাৰতীয়ক বিতাড়িত কৰা হৈছিল। ২০২৪ চনত সেই সংখ্যা আছিল ১৩৬৮ জন।