NORTHEAST NOW (Assamese)
অসম

ব্ৰিটিছ আৰক্ষীয়ে উদ্ধাৰ কৰি ভাৰতৰ হাতত অৰ্পন কৰিলে ১৫ শতিকাৰ ৰাম-সীতাৰ মুৰ্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 16, 2020 1:27 pm

মঙলবাৰে ব্ৰিটিছ আৰক্ষীয়ে ইংলেণ্ডত থকা ভাৰতৰ উচ্চায়ুক্তৰ হাতত পোন্ধৰ শতিকাৰ ৰাম, সীতা আৰু লক্ষণৰ তিনিটা মুৰ্তি অৰ্পন কৰে।

১৯৭৮ চনত তামিলনাডুৰ এটা মন্দিৰৰ পৰা ৰাম, সীতা আৰু লক্ষণৰ মুৰ্তি তিনিটা চুৰি হৈছিল।

চুৰি হোৱাৰ চল্লিশ বছৰ পাছত ভগৱান ৰামৰ মুৰ্তিটো পুনৰ উদ্ধাৰ হয়।

সাংস্কৃতিক মন্ত্ৰী প্ৰহ্লাদ সিং পেটেলে মঙলবাৰে এই কথা উল্লেখ কৰাৰ লগতে য়ু কে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।

”সঠিক পদক্ষেপ গ্ৰহণেৰে তামিলনাডুৰ মন্দিৰৰ ভাগৱান ৰামৰ প্ৰাচীন মুৰ্তিটো উদ্ধাৰ কৰি ভাৰতৰ হাতত অৰ্পন কৰা বাবে য়ু কে চৰকাৰলৈ ধন্যবাদ আৰু কৃতজ্ঞতা,” প্ৰহ্লাদ পেটেলে এইদৰে য়ু কে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখযোগ্য যে, ১৫ শতিকাৰ পুৰণি হেৰুওৱা ভগৱান ৰাম, সীতা আৰু ভাতৃ লক্ষণৰ মুৰ্তিটো উদ্ধাৰ হোৱাৰ পাছত তামিলনাডুৰ জনসাধাৰণৰ মনতো আনন্দৰ সৃষ্টি হৈছে।