NORTHEAST NOW (Assamese)

ৰাছিয়াৰ সৈতে যুদ্ধবিৰতিৰ বাবে প্ৰস্তুত ইউক্ৰেইন, অপেক্ষা ৰাছিয়াৰ সন্মতিৰ বাবে!

March 12, 2025 11:00 am ·
Updated: March 12, 2025 11:02 am

ৰাছিয়াৰ সৈতে ৩০ দিনীয়া যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰদান কৰিছে ইউক্ৰেইনে।  আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইউক্ৰেইনৰ সিদ্ধান্তক আদৰণি জনোৱাৰ লগতে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনেও যুদ্ধবিৰতিৰ বাবে সন্মত হ’ব বুলি আশা প্ৰকাশ কৰিছে।

তিনি বছৰতকৈ অধিক সময় ধৰি চলি থকা যুদ্ধখন বন্ধ কৰাৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি, চৌদি আৰৱৰ জেদ্দাত আমেৰিকাৰ প্ৰতিনিধিৰ সৈতে আলোচনাৰ অন্তত এই প্ৰস্তাৱ দিয়া হৈছে।  

ইউক্ৰেইনে তাৎক্ষণিক যুদ্ধবিৰতি আৰু আলোচনাৰ প্ৰস্তাৱ গ্ৰহণ কৰা বুলি আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই প্ৰকাশ কৰে। তেওঁ ট্ৰাম্পৰ নেতৃত্ব আৰু চৌদি আৰৱৰ মধ্যস্থতাক প্ৰশংসা কৰি স্থায়ী শান্তিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে।

উল্লেখ্য যে  ইউক্ৰেইনৰ এই সিদ্ধান্তৰ পিছতে আমেৰিকাই চোৰাংচোৱা তথ্য বিনিময়ৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লয় আৰু পুনৰ নিৰাপত্তা সাহায্য আৰম্ভ কৰে। ৰুবিঅ’ই কয় যে ট্ৰাম্পে শীঘ্ৰে যুদ্ধ সমাপ্ত হোৱাটো বিচাৰে আৰু ৰাছিয়াক প্ৰকৃত আলোচনাৰ দিশত আগবাঢ়িবলৈ তৎকালীনভাৱে সঁহাৰি জনাবলৈ আহ্বান জনায়। এতিয়া মস্কোৰ সঁহাৰিৰ ওপৰত নিৰ্ভৰ কৰিব কি হ’ব পৰৱৰ্তী পদক্ষেপ।

Related News