NORTHEAST NOW (Assamese)

ইউক্ৰেইনৰ সেনাবাহিনীত ব্যাপক যৌন নিৰ্যাতনৰ ঘটনা; আনুষ্ঠানিক অভিযোগ দাখিলৰ আহ্বান মন্ত্ৰীৰ

August 12, 2023 12:58 pm · এন ই নাও নিউজ, গুৱাহাটী
ইউক্ৰেইনৰ উপ-প্ৰতিৰক্ষা মন্ত্ৰী হান্না মালিয়া। ফটো: সংগ্ৰহীত।

আন্তৰ্জাতিক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, মহিলা সৈনিকৰ পৰা যৌন সুবিধা লোৱাৰ প্ৰথা ইউক্ৰেইনৰ সেনাধ্যক্ষই প্ৰৱৰ্তন কৰিছে। তথ্য অনুসৰি ইউক্ৰেইনৰ মহিলাসকলে দুটা ফ্ৰণ্টত যুঁজিবলগীয়া হৈছে।

শেহতীয়াকৈ গাৰ্ডিয়ানত প্ৰকাশিত এক তদন্তমূলক প্ৰতিবেদনত ইউক্ৰেইনৰ সেনাবাহিনীত ব্যাপক দুৰ্নীতি আৰু যৌন নিৰ্যাতনৰ কথা প্ৰকাশ পাইছে। ইউক্ৰেইনৰ উপ-প্ৰতিৰক্ষা মন্ত্ৰী হান্না মালিয়াৰে এই কাণ্ডক কঠোৰভাৱে গৰিহণা দিয়ে আৰু ইয়াক “সম্পূৰ্ণ অগ্ৰহণযোগ্য” বুলি কয়।

লগতে পঢ়ক: নৱাজ শ্বৰীফৰ ‘ৰাজনীতিলৈ প্ৰত্যৱৰ্তনৰ আশা’ত চেঁচা পানী ঢালিলে পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে

মন্ত্ৰীগৰাকীয়ে কয় যে যদি কোনো মহিলা জোৱানে কোনো কমাণ্ডাৰৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰে তেন্তে তেওঁ ব্যক্তিগতভাৱে আৰক্ষীৰ সহায়ত বিষয়টোৰ তদন্ত কৰিব। মহিলা জোৱানক যিকোনো যৌন নিৰ্যাতনৰ বিষয়ে অৱগত কৰিবলৈ আহ্বান জনায়।

গাৰ্ডিয়ানত প্ৰকাশিত এই প্ৰতিবেদন অনুসৰি ইউক্ৰেইন সেনাৰ সেনাধ্যক্ষসকলে তেওঁলোকৰ অধীনস্থ মহিলা সৈনিকসকলক তেওঁলোকৰ সৈতে অকলে সময় কটাবলৈ নিৰ্দেশ দিছিল। আদেশ পালন কৰিব নিবিচৰা মহিলা সৈনিকক মানসিক চিকিৎসাৰ বাবে পঠিওৱা হৈছিল বা তেওঁলোকৰ স্বামীক যুদ্ধত মৃত্যুৰ বাবে সন্মুখৰ লাইনলৈ পঠিওৱা হৈছিল।

লগতে পঢ়ক: অভিনেত্ৰী জয়াপ্ৰদাক ছমাহৰ কাৰাদণ্ডৰ শাস্তি আদালতৰ, বিহিলে জৰিমনাও; কিন্তু কিয়?

ইউক্ৰেইনৰ ২৭ বছৰীয়া মহিলা প্লাটুন চাৰ্জেণ্ট নাদিয়া হাৰানে সাহসী ভূমিকা গ্ৰহণ কৰি গাৰ্ডিয়ানক সেনাধ্যক্ষৰ যৌন নিৰ্যাতনৰ এই বিৱৰণী প্ৰদান কৰে। উপ-প্ৰতিৰক্ষা মন্ত্ৰী হান্না মালিয়াৰে এই সন্দৰ্ভত নাদিয়াৰ সৈতে কথা পাতিব বুলি জনায়।

Related News