NORTHEAST NOW (Assamese)
অসম

ট্ৰাম্পক লাগে ইউক্ৰেইনৰ দুৰ্লভ খনিজ সম্পদৰ আধা মালিকীস্বত্ব; মান্তি হোৱা নাই জেলেনস্কি!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 16, 2025 10:37 am

যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ দুৰ্লভ খনিজ সম্পদৰ ৫০ শতাংশ মালিকীস্বত্ব বিচাৰে আমেৰিকাই। আমেৰিকাৰ বিষয়াসকলৰ উদ্ধৃতি দি ড’নাল্ড ট্ৰাম্প প্ৰশাসনে ইউক্ৰেইনলৈ এনে প্ৰস্তাৱ আগবঢ়াইছে।

ইয়াৰ লগতে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অন্ত পেলোৱাৰ চুক্তি হ’লে আমেৰিকাই ইউক্ৰেইনত সৈন্য নিয়োগ কৰি খনিসমূহ সুৰক্ষিত কৰিব পাৰে।

এই খনিজ সম্পদসমূহৰ বাবে প্ৰত্যক্ষভাৱে ধন পৰিশোধ কৰাতকৈ ট্ৰাম্প প্ৰশাসনৰ মতে এই মালিকীস্বত্ব চুক্তিক ইউক্ৰেইনত যুদ্ধকালীন সাহায্যৰ বাবে দেশখনে আমেৰিকাক দিয়া প্ৰতিদান হিচাপে চাব পৰা যায়।

কিয়েভত ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিৰ সৈতে হোৱা বৈঠকত এই প্ৰস্তাৱ দাখিল কৰে আমেৰিকাৰ ট্ৰেজেৰী ছেক্ৰেটাৰী স্কট বেছাণ্টে। বৈঠকৰ অন্তত বেছাণ্টে কয় যে এই খচৰাখনে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ইচ্ছাক প্ৰতিফলিত কৰিছে। অৱশ্যে তেওঁ কোনো সবিশেষ তথ্য প্ৰদান কৰা নাই।

বেছাণ্টে আগবঢ়োৱা চুক্তিখনত জেলেনস্কিয়ে তৎক্ষণাত স্বাক্ষৰ কৰা নাই আৰু কয় যে তেওঁক পুনৰীক্ষণ কৰিবলৈ সময়ৰ প্ৰয়োজন। তেওঁ কয় যে তেওঁ আৰু তেওঁৰ দলটোৱে মিউনিখত উপস্থিত হোৱাৰ পূৰ্বে নথিখনৰ সকলো সবিশেষ পৰ্যালোচনা কৰিব।

মিউনিখৰ নিৰাপত্তা সন্মিলনত জেলেনস্কিয়ে কয় যে তেওঁৰ অধিবক্তাই কিয়েভত বেছাণ্টে উপস্থাপন কৰা নথি-পত্ৰৰ বিষয়ে পৰামৰ্শ দিব আৰু কিছু পৰিৱৰ্তন কৰিব পাৰে। তেওঁ এই প্ৰস্তাৱক নিৰাপত্তা চুক্তি হিচাপে নহয়, স্মাৰকপত্ৰ হিচাপেহে উল্লেখ কৰে।

ইয়াৰ পূৰ্বে ফক্স নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ট্ৰাম্পে ইউক্ৰেইনৰ ৫০০ বিলিয়ন ডলাৰৰ দুৰ্লভ খনিজ সম্পদ আমেৰিকাৰ বাবে বিচৰা বুলি কয় আৰু কিয়েভে ইয়াৰ বাবে সন্মতি দিয়াৰ ইংগিত দিয়ে।