NORTHEAST NOW (Assamese)
অসম

কীয়েভৰ ওচৰত উদ্ধাৰ ১২০০ মৃতদেহ; দাবী ইউক্ৰেইনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 11, 2022 5:33 pm
কীয়েভৰ ওচৰত উদ্ধাৰ ১২০০ মৃতদেহ; দাবী ইউক্ৰেইনৰ

ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক অভিযানে এমাহৰো অধিক কাল অতিক্ৰম কৰিলে। এই অভিযানৰ সময়ত দেশখনৰ কেইবাখনো চহৰ ৰাছিয়াৰ সেনা বাহিনীয়ে দখল কৰিছে। তাৰমাজতে ইউক্ৰেইনৰ সেনা বাহিনীয়ে প্ৰতিৰোধৰ যুঁজ অব্যাহত ৰাখিছে।

এনে পৰিস্থিতিৰ মাজতে দেওবাৰে ইউক্ৰেইনৰ ৰাজধানী কীয়েভৰ ওচৰত ১২০০তকৈয়ো অধিক মৃতদেহ উদ্ধাৰ হোৱা বুলি দেশখনৰ কৰ্তৃপক্ষই দাবী কৰিছে।  

ইয়াৰ পূৰ্বে ইউক্ৰেইনৰ ৰাজধানী কীয়েভৰ সমীপৰ বুজোভা গাওঁত আৰু এটি গণকবৰৰ সন্ধান পোৱা গৈছে। ইয়াত বহুকেইটা অসামৰিক নাগৰিকৰ মৃতদেহ পুতি থোৱা হৈছিল। স্থানীয় এগৰাকী বিষয়াই এই তথ্য নিশ্চিত কৰিছে।

বৰ্তমান কীয়েভৰ আশেপাশে থকা অধিকাংশ চহৰ তথা গ্ৰাম্যাঞ্চল নিজৰ নিয়ন্ত্ৰণলৈ অনা বুলি দাবী কৰিছে ইউক্ৰেইনে।

ইপিনে, দেশখনত বহুকেইটা গণকবৰৰ সন্ধান ওলোৱাৰ লগতে অসামৰিক নাগৰিকৰ হত্যাৰ ঘটনাকলৈ ৰাছিয়াৰ বিৰুদ্ধে বিশ্বজুৰি সমালোচনাৰ সৃষ্টি হৈছে।