NORTHEAST NOW (Assamese)
অসম

কৰ’নাৰ সংকট! তিনিমাহৰ বাবে আলফা স্বাধীনৰ একপক্ষীয় যুদ্ধবিৰতি ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 15, 2021 10:58 am
Paresh-Baruah-750x375

আগন্তুক তিনিমাহলৈ আলফা স্বাধীনে একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰিছে।

এক বিবৃতিত সংগঠনটোৰ উপসভাপতি তথা সেনাধ্যক্ষ লেফটেনেন্ট জেনেৰেল পৰেশ অসমে এই কথা জানিবলৈ দিয়ে।

WhatsApp Image 2021-05-15 at 10.29.12 AM

বিবৃতিটোত সেনাধ্যক্ষগৰাকীয়ে ‘মানৱ জাতিৰ চৰম সংকটৰ সময়ত উপনিৱেশিক ভাৰতৰ দখলদাৰী বাহিনী আৰু অসম আৰক্ষীৰ কিছু অসাধু বিষয়াই ‘সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)’ সংগঠনৰ ভাৱমূৰ্তি কলংকিত কৰিবলৈ কিছু গোপন অভিসন্ধি’ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

বিবৃতিটোত কোৱা হৈছে যে কৰ’নাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ‘সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)’ সংগঠনৰ সামৰিক বিভাগ ‘সংযুক্ত মুক্তি ফৌজ, অসম (স্বাধীন)য়ে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ অনাগত তিনিমাহৰ বাবে সকলো ধৰণৰ সামৰিক অভিযান একপক্ষীয়ভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।