NORTHEAST NOW (Assamese)
অসম

পৰেশ বৰুৱাৰ আহ্বান : “কেব”ৰ বিৰুদ্ধে অসমৰ দল-সংগঠনবোৰে মাৰবান্ধি আগ বাঢ়ক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 7, 2019 7:42 pm
Paresh-Baruah-1-750x375-2

আলফা (স্বাঃ)ৰ সেনাপ্ৰধান পৰেশ বৰুৱাই সংবাদ মাধ্যমক এটা টেলিফোনিক বিবৃতিত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে অসমৰ দল-সংগঠনবোৰক মাৰবান্ধি আগ বাঢ়িবলৈ আহ্বান জনাইছে।

“সকলো দল-সংগঠন একত্ৰিত হৈ ওলাই আহক৷ অকলে অকলে আন্দোলন কৰিলে নহ’ব, আছু আৰু কৃষক মুক্তি একত্ৰিত হওক৷ একেলগ হওক অন্যান্য দল-সংগঠনো”, পৰামৰ্শ দিলে কেইবা দশকজোৰা বিদ্ৰোহৰ নেতৃত্ব দিয়া বয়োজ্যেষ্ঠ নেতাজনে।

এই ক্ষেত্ৰত সকলোকে ব্যক্তিগত স্বাৰ্থ পৰিহাৰ কৰিবলৈ আহ্বান জনায় স্বাধীন অসমৰ স্বপ্নত এতিয়াও অটল থকা বৰুৱাই।

তেওঁ বিশেষভাৱে আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য্যক উদ্দেশ্যি আলোচনাৰ মাজতে দিল্লীৰ ওচৰত বিক্ৰী নাযাবলৈ কয়।

“ছাত্ৰ সমাজৰ আপুনি ‘পিতা’ সদৃশ” বুলি মন্তব্য কৰি কেবৰ বিৰুদ্ধে সকলোকে একত্ৰিত কৰিবলৈ সমুজ্জ্বল ভট্টাচাৰ্য্যক বৰুৱাই অনুৰোধ জনায়।

আনহাতে টেলিফোনিক বাৰ্তালাপটোত বৰুৱাই একাংশ বুদ্ধিজীৱীৰ স্থিতিৰ ওপৰতো সন্দেহ ব্যক্ত কৰে।

তেওঁ কেবৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাম বুলি কোৱাসকলক প্ৰশ্ন কৰে, “উচ্চতম ন্যায়ালয় কোনে নিয়ন্ত্ৰণ কৰে তাকে নাজানে নেকি?”