NORTHEAST NOW (Assamese)

স্বাধীনতা দিৱসৰ পূৰ্বে সষ্টম অসম আৰক্ষী : তিনিচুকীয়াত গ্ৰেপ্তাৰ আলফা(স্বাঃ)ৰ লিংকমেন

August 12, 2025 5:59 pm · এন ই নাও নিউজ, গুৱাহাটী

তিনিচুকীয়া জিলাৰ নিৰাপত্তা বাহিনীয়ে স্বাধীনতা দিৱস উদযাপনৰ পূৰ্বে অভিযান চলাই নিষিদ্ধঘোষিত আলফা(স্বাঃ)ৰ দুজন লিংক মেনক গ্ৰেপ্তাৰ কৰিছে।

মঙলবাৰে পুৱা ডিগবৈত গ্ৰেপ্তাৰ কৰা হয় লিংকমেন গৰাকীক।

৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ স্থান টিংৰাইৰ সমীপত অৱস্থিত ৰেইডিং গাঁৱৰ পৰা আলফা(স্বাঃ)ৰ সৈতে যোগাযোগ কৰাৰ অভিযোগত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

আলফা(স্বা)ৰ প্ৰাক্তন সদস্য হিচাপে চিনাক্ত কৰা ব্যক্তিজনে এই সংগঠনটোৰ সৈতে পূৰ্বৰ সম্পৰ্ক থকাৰ কথা স্বীকাৰ কৰে। তেওঁৰ ঘৰ শিৱসাগৰ জিলাৰ।

তদন্ত চলি থকা বাবে সন্দেহজনক লোকজনৰ পৰিচয়ৰ কাৰিকৰী তথ্য গোপনীয় কৰি ৰাখিছে কৰ্তৃপক্ষই।এই প্ৰতিবেদন দাখিল কৰাৰ সময়ত আটক কৰা লিংকমেনজনৰ জেৰা চলি আছিল।

Related News