NORTHEAST NOW (Assamese)

‘নিয়া’ৰ তদন্তৰ মাজতে ধলা কাণ্ডৰ সৈতে আলফা জড়িত থকাৰ দাবী ডিজিপিৰ

November 22, 2018 11:14 pm · এন ই নাও নিউজ
গুৱাহাটীত সংবাদ মাধ্যমৰ আগত বক্তৱ্য ৰাখিছে ডিজিপি কুলধৰ শইকীয়াই। ফটো : নৰ্থইষ্ট নাও

‘আলফা স্বাধীনৰ ছয় জনীয়া এটা দলে ধলাৰ কাণ্ড সংঘটিত কৰিছিল। তেওঁলোকে কেনেকৈ সংঘটিত কৰিছিল তাৰ তথ্যও আমাৰ হাতত আছে। অসম আৰক্ষীয়ে অৰুণাচল আৰক্ষীৰ সহযোগত অভিযান অব্যাহত ৰাখিছে। আনহাতে, নিয়াই গোচৰটো লৈ নিজৰ ফালৰ পৰাও অনুসন্ধান অব্যাহত ৰাখিছে।‘’ আজি সংবাদ মাধ্যমক এই কথা জনায় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই।

ধলাত সংঘটিত নৰসংহাৰৰ ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰা ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা ‘নিয়া’ক। আৰক্ষী বিষয়া সংযুক্তা পৰাশৰৰ নেতৃত্বত নিয়াৰ এটি দলে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ পাছতে আৰক্ষী সঞ্চালকপ্ৰধান শইকীয়াই তেওঁৰ প্ৰতিক্ৰিয়া ব্য়ক্ত কৰে। উল্লেখযোগ্য যে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ এই ভাষ্য়ৰ এঘন্টাৰ পিচতেই ডিমৌত এক শক্তিশালী গ্ৰেনেড বিষ্ফোৰণৰ ঘটনা সংঘটিত হয়  ।

শইকীয়াই লগতে আলফাৰ বিৰুদ্ধে কঠোৰ অভিযান আৰম্ভ কৰাৰ কথা উল্লেখ কৰি দিনজানত হোৱা ইউনিফাইড কামাণ্ডৰ বিশেষ বৈঠকত সুৰক্ষাৰ দিশটো আলোচনা কৰাৰ কথা জানিবলৈ দিয়ে। এইক্ষেত্ৰত ৰাজ্যখনৰ আৰক্ষীয়ে চুবুৰীয়া ৰাজ্য়সমূহৰ পৰা সম্পূৰ্ণ সহযোগিতা লাভ কৰিছে।

আনহাতে, জাগুন আৰু চৰাইদেউৰ অপহৰণৰ ঘটনা সন্দৰ্ভতো নিজৰ প্ৰতিক্ৰিয়া ব্য়ক্ত কৰে শইকীয়াই। তেওঁ দুয়োটা অপহৰণৰ ঘটনাতে আলফা স্বাধীন জড়িত থকা বুলি দাবী কৰে। তদুপিৰ, চৰাইদেউৰ অপহৰণৰ ঘটনাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে নাগালেণ্ড আৰু অৰুণাচল আৰক্ষীৰ সহযোগত অভিযান আৰম্ভ কৰিছে।

ইপিনে, তিনিচুকীয়াত সংঘৰ্ষত নিহত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক ভাস্কৰ কলিতাৰ মৃ্ত্য়ুৰ গোচৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে ভাস্কৰ কলিতাৰ মৃত্য়ুৰ তদন্ত চলি আছে আৰু প্ৰতিবেদনত যদিহে বুলেটপ্ৰুফ জেকেটৰ ক্ষেত্ৰত কিবা আঁসোৱাহ ওলায় তেতিয়াহ’লে  নিশ্চিতভাৱে ব্য়ৱস্থা গ্ৰহণ কৰা হ’ব।

ইয়াৰ উপৰি সঞ্চালক প্ৰধানগৰাকীয়ে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেই সকলো জিলা আৰক্ষী অধীক্ষকক সামগ্ৰিক সুৰক্ষা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া বুলি জানিবলৈ দিয়ে।

Related News