NORTHEAST NOW (Assamese)
অসম

ইমান দিন বিষকে পান কৰিলো, এতিয়া জলকীয়া খাবলৈ ভয় কৰিম নেকি? বিজেপি কৰ্মীৰ গোচৰত প্ৰবাল নেওগৰ প্ৰতিক্ৰিয়া

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 6, 2018 10:23 pm
Prabal Neog Photo

“ইমান দিনৰ পৰা বিষকে পান কৰিলো, এতিয়া জলকীয়া খাবলৈ কিয় ভয় কৰিম?” এই মন্তব্য যুদ্ধ বিৰত আলফা নেতা প্ৰবাল নেওগৰ। আজি হোজাইৰ এজন বিজেপি কৰ্মীয়ে তেওঁৰ বিৰুদ্ধে দিয়া গোচৰৰ প্ৰতিক্ৰিয়াত এইদৰে কয় নেতাজনে।

উল্লেখযোগ্য যে নেতাজনৰ বিৰুদ্ধে উচটনিমূলক মন্তব্য দিয়াৰ অভিযোগ আনি হোজাই থানাত আজি সুদীপ দেব নামৰ এজন বিজেপি কৰ্মীয়ে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১৫৩(এ) ধাৰাত ৮৯৮/২০১৮ নম্বৰত এই গোচৰটো ৰুজু কৰিছে। ১৫৩(এ) এটা জামিনবিহীন ধাৰা।

জানিব পৰামতে, আলোচনা পন্থী নেতাজনৰ বিৰুদ্ধে উজনি অসমৰ বহুকেইখন থানাত বহুকেইটা গোচৰ ৰুজু হৈ আছে। তেনে ক্ষেত্ৰত আগৰ গোচৰৰ লগত এটা সংখ্যা বাঢ়িল। তেওঁ এই ক্ষেত্ৰত ‘কোনো কেয়াৰ নকৰো’ বুলি কয়।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে আলোচনাপন্থী আলফা নেতা জিতেন দত্ত আৰু মৃণাল হাজৰিকাক ইতিপূৰ্বে একে ধৰণৰ গোচৰ ৰুজু কৰি জেইল-হাজোতলৈ প্ৰেৰণ কৰা হৈছে। এইবাৰ প্ৰবাল নেওগক লক্ষ্য কৰি লৈছে একাংশ বিজেপি কৰ্মীয়ে।

প্ৰবাল নেওগে এইবোৰক খিলঞ্জীয়াৰ প্ৰতি বিজেপি চৰকাৰৰে ষড়যন্ত্ৰ বুলি উল্লেখ কৰে।

তেওঁ কয়, “যিসকলে গোষ্ঠীগত সংঘাতৰ বাবে উদগনি যোগাই আছে, সেইসকল চৰকাৰৰ ডাঙৰ-ডাঙৰ পদবীত থকা মানুহ। চৰকাৰখনে আইন সকলোৰে বাবে সমান বুলি কয়। কিন্তু নিৰ্লজ্জ ৰূপত চৰকাৰৰ স্বৈৰাচাৰিতাৰ সকলোখিনি দিশ প্ৰকাশ পাই আছে।”

ইয়াৰোপৰি সুদীপ দেবে হোজাই থানাত ৰুজু কৰা গোচৰৰ পাছতেই সৰব হৈ পৰা আলোচনা পন্থী আলফা নেতাজনে কয়, “কুকুৰৰ পোৱালিয়ে ভুকিলেই হাতীয়ে নিজৰ ৰাস্তাৰে যাবলৈ এৰে জানো? কেয়াৰ নকৰোঁ।”