NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব আইনৰ বিৰোধিতা : আলফা নেতা জিতেন দত্তক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 14, 2019 4:43 pm
IMG-20181102-WA0012-1140x570

গোটেই ৰাজ্য নাগৰিকত্ব আইনৰ বিৰোধিতাৰে মুখৰ হৈ পৰাৰ সময়তে চৰকাৰে সম্ভাৱ্য বৃহৎ প্ৰতিবাদী আন্দোলনটোক প্ৰতিহত কৰাৰ বাবে তৎপৰ হৈ পৰিছে।

কৃষক মুক্তিৰ নেতা অখিল গগৈক যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পাছত এইবাৰ আলফা নেতা জিতেন দত্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

আলফা নেতা গৰাকীক আৰক্ষীয়ে ডিগবৈৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছে। আৰু আৰক্ষীয়ে বৰ্তমান আলফা নেতা জীতেন দত্তক তিনিচুকীয়ালৈ নি আছে বুলি জানিব পৰা গৈছে।

আলফা নেতা গৰাকীক প্ৰথমৱস্থাত গৃহবন্দী কৰি ৰাখিছিল। লগতে আলফা নেতাগৰাকীৰ ডিগবৈৰ বৰবিলৰ বাসগৃহৰ আশে-পাশে ব্যাপক সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰিছিল।

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক সদনত উত্থাপন কৰাৰ পূৰ্বৰে পৰা আলফা নেতা জিতেন দত্তই বিধেয়কখনৰ বিৰুদ্ধে সৰৱ ভূমিকা গ্ৰহণ কৰিছিল।

অসম আৰু অসমীয়াৰ স্বাৰ্থত পুনৰ জংগী আন্দোলনৰো হুংকাৰ দিছিল দত্তই। তদুপৰি, নেতাগৰাকীৰ আহ্বানত বৃহৎ সংখ্যক যুৱক বিধেয়ক বিৰোধী আন্দোলনত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল।