NORTHEAST NOW (Assamese)
অসম

শিবিৰত কুশলে আছে ভতিজাক মুন্না বৰুৱা, ফোনযোগে নিশ্চিত কৰিলে পৰেশ বৰুৱাই

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক November 18, 2018 7:18 pm
munna barua Asom

অৱশেষত পৰেশ বৰুৱাই নিজেই নিশ্চিত কৰিলে মুন্না বৰুৱা আলফা(স্বাঃ)লৈ যোৱাৰ কথা। বৰুৱাই আলোচনাপন্থী আলফা নেতা প্ৰৱাল নেওগক ফোনযোগে এই কথা জানিবলৈ দিছে। আজি প্ৰৱাল নেওগে আমাৰ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত এই কথা প্ৰকাশ কৰিছে।

“মোক পৰেশ বৰুৱাই পৰহি ফোন কৰিছিল। তেওঁ মোক কৈছিল ‘মুন্না মোৰ ওচৰ আহি পাইছে আৰু সি নিৰাপদে আছে’।” নেওগে আমাৰ সাংবাদিকৰ আগত কয়।

ইয়াৰ উপৰি পৰেশ বৰুৱাই মুন্নাৰ মাক (পৰেশ বৰুৱাৰ বৌৱেক)ক দুখ নকৰিবলৈ আহ্বান জনাব বুলিও প্ৰৱাল নেওগৰ আগত কোৱা বুলি তেওঁ আমাক জনায়।

“আমাৰ ল’ৰাই যদি বিপ্লৱ নকৰে কোনে কৰিব, সি যিহেতু স্বেচ্ছাই আহিছে তাক মই উভতি যাবলৈ নকওঁ”, প্ৰৱাল নেওগৰ সৈতে কথা হওঁতে পৰেশ বৰুৱাৰ বক্তব্য এয়া।

উল্লেখযোগ্য যে যোৱা ১৫ নৱেম্বৰত পৰেশ বৰুৱাৰ ভতিজা মুন্না বৰুৱাই আলফা (স্বাঃ)ত যোগদানৰ বাবে গুচি যোৱা বুলি জনাৰ পিছত মাকে কান্দি কান্দি পুতেকক উভতি আহিবলৈ কাতৰ আহ্বান জনাইছিল। তাৰ পাছতেই পৰেশ বৰুৱাই মুন্নাৰ মাকক উদ্দেশ্যি প্ৰৱাল নেওগক ফোনযোগে এইদৰে কয়।

অৱশ্যে প্ৰৱাল নেওগক ফোন কৰাৰ সময়লৈ মুন্নাক পৰেশ বৰুৱাই লগ পোৱা নাছিল বুলিও জনাইছিল।

ইপিনে মুন্নাৰ দেউতাক বিমল বৰুৱায়ো পুতেক আলফা(স্বাঃ)ত যোগদান কৰাৰ খবৰ লাভ কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত আক্ষেপেৰ কয়, “সি যিহেতু নিজ ইচ্ছাই গৈছে, সি যি ভাল দেখে তাকেই কৰক। মই তাক উভতি আহিবলৈ নকওঁ।”

মুন্না বৰুৱাৰ মাক অসুস্থ; তিনিচুকীয়াৰ চিকিৎসালয়ত ভৰ্তি

আলফা (স্বাঃ)ত যোগদানৰ বাবে যোৱা পৰেশ বৰুৱাৰ ভতিজা মুন্না বৰুৱাৰ মাক কল্পনা বৰুৱা মাত্ৰাধিক শোকগ্ৰস্ততাৰ বাবে অসুস্থ হৈ পৰা বুলি জানিব পৰা গৈছে। তেওঁক তিনিচুকীয়াৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি পৰিয়ালৰ সূত্ৰই কয়। “পুত্ৰ শোকত বিগত তিনিদিন ধৰি কল্পনা বৰুৱাই কেৱল হিয়া ঢাকুৰি কান্দিছে।” এইদৰে কয় স্থানীয় এগৰাকী মহিলাই।