NORTHEAST NOW (Assamese)
অসম

মৰ্মান্তিক ঘটনা! ক্ৰিকেট খেল চলি থকাৰ সময়তে মৌমাখিৰ আক্ৰমণ; প্ৰাণ হেৰুৱালে আম্পায়াৰে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 19, 2026 6:47 pm

খেলপথাৰত মৰ্মান্তিক ঘটনা। ক্ৰিকেট খেল চলি থকাৰ সময়তে এজন ক্ৰিকেট আম্পায়াৰে কৰুণভাৱে মৃত্যুক সাৱটি ল’লে। উত্তৰ প্ৰদেশৰ কানপুৰৰ এটি স্থানত ক্ৰিকেট খেল চলি আছিল। খেলখন চাবলৈ বহুত মানুহো আহিছিল। হঠাৎ মৌমাখিৰ জাক এটাই খেলপথাৰত আক্ৰমণ চলায়।

কানপুৰৰ এখন ষ্টেডিয়ামত ১৩ বছৰ অনুৰ্ধৰ ল’ৰাৰ ক্ৰিকেট খেল চলি আছিল। ৬৪ বছৰীয়া মাণিক গুপ্তাই তাত আম্পায়াৰ কৰি থকা অৱস্থাত হঠাতে মৌমাখিৰ জাক এটাই মাণিকৰ ওপৰত জপিয়াই পৰিল।

মৌমাখিৰ জাকটো দেখি দৰ্শক আৰু খেলুৱৈসকলে খেলপথাৰৰ পৰা দৌৰি পলাল। কিন্তু মাণিক গুপ্তাই বয়সস্থ হোৱাৰ বাবে তেনেকৈ দৌৰিব নোৱাৰিলে। মৌমাখিৰ দংশনত তেওঁ গুৰুতৰভাৱে আহত হয়।

তেওঁক লগে লগে প্ৰথমতে এখন স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু উন্নত চিকিৎসাৰ বাবে পিছত ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। মাণিক গুপ্তাই তাতেই প্ৰাণ হেৰুৱায়। আনজন আম্পায়াৰ জগদীশ শৰ্মা গুৰুতৰভাৱে আহত হয় যদিও তেওঁ আঘাতৰ পৰা সুস্থ হৈ উঠিছে।

প্ৰায় ৩০ বছৰ কানপুৰ ক্ৰিকেট সন্থাৰ সৈতে জড়িত গুপ্তাই বহু গুৰুত্বপূৰ্ণ আঞ্চলিক খেলত আম্পায়াৰ বা অফিচিয়েল হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। জনা গৈছে যে মানিক গুপ্তাক প্ৰায় ১০ মিনিটমান মৌমাখিয়ে ঘেৰাও কৰি ৰাখিছিল।

২০১৯ চনত তিৰুৱনন্তপুৰমতো একেধৰণৰ ঘটনা সংঘটিত হৈছিল। ইণ্ডিয়া এ আৰু ইংলেণ্ড লায়ন্সৰ এখন খেলৰ সময়ত মৌমাখিৰ আক্ৰমণ সংঘটিত হৈছিল। মৌমাখিৰ বাবে মেচখন কিছু সময়ৰ বাবে বন্ধ কৰি দিব লগা হৈছিল। আহত হৈছিল কেইবাজনো লোক। অৱশ্যে কাৰে প্ৰাণ হানি হোৱা নাছিল।