NORTHEAST NOW (Assamese)
Popular Stories

গোলকীয় উষ্ণতা হ্ৰাস কৰাত বিশ্বৰ ব্যৰ্থতা: ৰাষ্ট্ৰসংঘৰ কঠোৰ সতৰ্কবাণী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 29, 2025 9:17 am

গোলকীয় উষ্ণতা বৃদ্ধি বৰ্তমান জীৱকুলৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান। এই বৰ্ধিত উষ্ণতাৰ বিৰুদ্ধে যুঁজিবলৈ ৰাষ্ট্ৰসংঘই পেৰিছ চুক্তি স্বাক্ষৰিত কৰিছিল। এই চুক্তি অনুসৰি, দেশসমূহে বিশ্বৰ উষ্ণতা বৃদ্ধিৰ হাৰ ২ ডিগ্ৰী চেলছিয়াছৰ বহু তলত আৰু উষ্ণতা ১.৫ ডিগ্ৰী চেলছিয়াছৰ তলত ৰাখিবলৈ চেষ্টা কৰিব লাগিব। পৰিতাপৰ বিষয় যে, বিশ্বই এই চুক্তি ৰূপায়ণত ব্যৰ্থ হৈছে।

শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ মূৰব্বী এণ্টনিঅ’ গুটেৰেছে কয় যে বিশ্বই গোলকীয় উষ্ণতা বৃদ্ধি ১.৫ ডিগ্ৰী চেলছিয়াছৰ ওপৰলৈ যোৱা বন্ধ কৰাত ব্যৰ্থ হৈছে। ইয়াৰ ফলত গুৰুতৰ ক্ষতি হ’ব বুলি তেওঁ সকীয়াই দিয়াৰ লগতে তাৎক্ষণিক জৰুৰী ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে।

নৱেম্বৰ ২০২৫-ত ব্ৰাজিলৰ বেলেমত অনুষ্ঠিত হ’বলগীয়া COP30 জলবায়ু বৈঠকৰ পূৰ্বে দিয়া এক সাক্ষাৎকাৰত গুটেৰেছে কয় যে ২০১৫ চনৰ পেৰিছ চুক্তিত নিৰ্ধাৰণ কৰা ১.৫ ডিগ্ৰী চেলছিয়াছৰ সীমা অতিক্ৰম কৰি উষ্ণতা বৃদ্ধি হোৱাটো এতিয়া নিশ্চিত। তেওঁ আৰু কয়, ‘আমি ইয়াৰ বাবে সঠিক পথ গ্ৰহণ কৰিব লাগিব।’

১.৫ ডিগ্ৰী চেলছিয়াছৰ ওপৰলৈ উষ্ণতা গ’লে বতৰৰ চৰম পৰিৱৰ্তন, বানপানী, খৰাং আৰু সাগৰৰ পানী বৃদ্ধি কৰিব পাৰে। গুটেৰেছে কয় যে কাৰ্য্যত বিলম্ব কৰিলে বিপজ্জনক “টিপিং পইণ্ট” অৰ্থাৎ বিপদ সীমা পাৰ হোৱাৰ ভয় থাকে। এনে পৰিস্থিতি আহিলে পৃথিৱীৰ অপূৰণীয় ক্ষতি হ’ব যিটো স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব নোৱাৰি, যেনে আমাজন বৰ্ষাৰণ্য শুকান ঘাঁহনিলৈ পৰিণত হোৱা।

তেওঁ দ্য গাৰ্ডিয়ান কাকতক দিয়া সাক্ষাৎকাৰত কয় যে “আমি বিফল হৈছো।” “অনতিপলমে ১.৫ ডিগ্ৰী চেলছিয়াছৰ সীমা অতিক্ৰম কৰাটো এতিয়া অনিবাৰ্য, আৰু ইয়াৰ পৰিণতি ধ্বংসাত্মক হ’ব,” বুলি মত প্ৰকাশ কৰে।

পেৰিছ চুক্তিত স্বাক্ষৰ কৰা ১৯৭ খন দেশৰ ভিতৰত মাত্ৰ ৬২ খনেহে নতুন জলবায়ু পৰিকল্পনা দাখিল কৰিছে। এই দেশসমূহৰ পৰিকল্পনাই নিৰ্গমন মাত্ৰ ১০% হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিছে, যিটো ১.৫ ডিগ্ৰী চেলছিয়াছৰ লক্ষ্যৰ বাবে প্ৰয়োজনীয় **৬০%**ৰ তুলনাত বহু কম।

তথাপিও গুটেৰেছে কয় যে ১.৫ ডিগ্ৰী চেলছিয়াছৰ ওপৰলৈ চমুকৈ যোৱাটো সম্ভৱ হ’ব পাৰে আৰু তাৰ পিছত ২১০০ চনৰ ভিতৰত উষ্ণতা পুনৰ হ্ৰাস কৰা সম্ভৱ হ’ব পাৰে, কিন্তু তাৰ বাবে COP30 ৰ পৰা আৰম্ভ কৰি বহুত শক্তিশালী পদক্ষেপ কাৰ্যত ৰূপায়িত কৰিব লাগিব।

তেওঁ নেতাসকলক সন্মিলনত খিলঞ্জীয়া লোক আৰু স্থানীয় সম্প্ৰদায়ক অধিক মতামত দিবলৈ আৰু ডাঙৰ কোম্পানীক মতামত প্ৰদানত কম পৰিমাণে অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰিবলৈ আহ্বান জনাইছে।

উল্লেখনীয় যে ২০২৪ বৰ্ষ আছিল আটাইতকৈ গৰম বছৰ। ইউৰোপৰ ক’পাৰ্নিকাছ জলবায়ু সেৱাৰ মতে, প্ৰথমবাৰৰ বাবে বিশ্বৰ গড় উষ্ণতা প্ৰাক-ঔদ্যোগিক স্তৰৰ পৰা ১.৫ ডিগ্ৰী চেলছিয়াছতকৈ বেছি হৈছিল। আৰু বিগত ১০ বছৰ আছিল সৰ্বকালৰ আটাইতকৈ উষ্ণ বৰ্ষ।