NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী ৰে’ল ষ্টেশ্যনত জব্দ নগদ ৬০ লাখ টকা, দুজনক আটক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 10, 2023 1:30 pm
গুৱাহাটী ৰে’ল ষ্টেশ্যনত জব্দ নগদ ৬০ লাখ টকা, দুজনক আটক

বুধবাৰে চৰকাৰী ৰে’ল আৰক্ষীয়ে গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত নগদ ৬০ লাখ টকা জব্দ কৰে।

সূত্ৰ অনুসৰি এই ধন ‘ৰাজধানী’ৰ জৰিয়তে যোগান ধৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। দুজন সৰবৰাহকাৰীয়ে এই বিপুল পৰিমাণৰ ধনৰাশি কঢ়িয়াই আনিছিল। দুই সৰবৰাহকাৰীক ইতিমধ্যে ৰে’ল আৰক্ষীয়ে আটক কৰিছে।

গুৱাহাটী ৰে’লৱে পুলিচৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰসেনজিৎ দাসৰ নেতৃত্বত চলা এই অভিযানত ধনখিনি জব্দ কৰাৰ লগতে সৰবৰাহকআৰী দুজনকো গ্ৰেপ্তাৰ কৰা হৈছে।

বৰ্তমান এই ধনৰ উৎস আৰু উদ্দেশ্য জানিবলৈ জেৰা অব্যাহত আছে।

আৰক্ষীয়ে সন্দেহ কৰিছে যে এই ধন কোনো ছিণ্ডিকেটৰ সৈতে জড়িত হ’ব পাৰে।

ইমান বৃহৎ পৰিমাণৰ নগদ ধন জব্দ হোৱাৰ লগে লগে অঞ্চলটোত অবৈধ ধনৰ লেনদেনৰ সন্দেহে উদ্বেগ সৃষ্টি কৰিছে।