NORTHEAST NOW (Assamese)

কিমান ব্যক্তিগত অনুদান লাভ কৰি ভৰাঁল টনকিয়াল কৰিলে কংগ্ৰেছ-বিজেপিয়ে! হিমন্ত বিশ্বই দিলে ৩ লাখ টকাৰ চান্দা

December 25, 2025 8:19 am · এন ই নাও নিউজ, গুৱাহাটী

ব্যক্তিগত অনুদানৰ ক্ষেত্ৰত বিজেপি আৰু কংগ্ৰেছৰ মাজত এক আমোদজনক তথ্য পোহৰলৈ আহিছে। ২০২৪-২৫ বৰ্ষৰ বাৰ্ষিক অৱদানৰ প্ৰতিবেদন অনুসৰি ভাৰতীয় জনতা পাৰ্টিয়ে লাভ কৰা মুঠ অনুদানৰ মাত্ৰ ৫.৬ শতাংশহে ব্যক্তিগত লোকৰ পৰা আহিছে। বাকী বৃহৎ অংশ নিৰ্বাচনী ট্ৰাষ্ট, বিভিন্ন নিগম আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা লাভ কৰিছে। আনহাতে বিৰোধী দল কংগ্ৰেছৰ ক্ষেত্ৰত এই চিত্ৰখন কিছু পৃথক। কংগ্ৰেছে লাভ কৰা মুঠ অৱদানৰ ২৬ শতাংশই আহিছে ব্যক্তিগত অনুদানকাৰীৰ পৰা। নিৰ্বাচন আয়োগৰ শেহতীয়া প্ৰতিবেদনত এই তথ্য স্পষ্ট হৈ পৰিছে।

নিৰ্বাচন আয়োগৰ নিয়ম অনুসৰি যিকোনো ৰাজনৈতিক দলে ২০ হাজাৰ টকাতকৈ অধিক পৰিমাণৰ অনুদান চেক, বেংক ট্ৰেন্সফাৰ বা ইউপিআইৰ জৰিয়তে গ্ৰহণ কৰিব লাগে আৰু ইয়াৰ সবিশেষ তথ্য দাখিল কৰাটো বাধ্যতামূলক। এই সময়ছোৱাত বিজেপিয়ে ব্যক্তিগত অনুদানকাৰীৰ পৰা মুঠ ৩৪৫ কোটি টকা লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছে ১৩৯ কোটি টকা। সংখ্যাৰ ফালৰ পৰা চালে ২০৪৫ জন ব্যক্তিয়ে বিজেপিক আৰু ২,৩৮৬ জন ব্যক্তিয়ে কংগ্ৰেছক আৰ্থিক সহায় আগবঢ়াইছে।

বিজেপিৰ ব্যক্তিগত অনুদানৰ বিতং তথ্য চালে দেখা যায় যে ৭৯ জন ব্যক্তিয়ে ৫০ লাখ টকাতকৈ অধিক পৰিমাণৰ ধন দলটোক দিছে। ইয়াৰ ভিতৰত সুৰেশ অমৃতলাল কোটকে ৩০ কোটি, আল্লা দক্ষায়নীয়ে ২৫ কোটি আৰু ৰমেশ কুন্নীকান্নানে ১৭ কোটি টকা অনুদান দিছে। দলটোৰ বহু জ্যেষ্ঠ নেতা আৰু মন্ত্ৰীয়েও এই পুঁজিলৈ অৱদান আগবঢ়াইছে। ইয়াৰ ভিতৰত কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ১ লাখ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৩ লাখ আৰু ত্ৰিবেন্দ্ৰ সিং ৰাৱটে ১১ লাখ টকাৰো অধিক ধন প্ৰদান কৰিছে।

ইফালে কংগ্ৰেছৰ ক্ষেত্ৰত ২২ জন ব্যক্তিয়ে ৫০ লাখ টকাৰ ওপৰত অনুদান দিছে। দলটোৰ শীৰ্ষ ব্যক্তিগত অৱদানকাৰীৰ ভিতৰত সুৰেশ এ কোটকে ৭.৫ কোটি আৰু সজ্জন ভজনকা তথা সঞ্জয় আগৰৱালাই ক্ৰমে ৬ কোটি আৰু ৫ কোটি টকাকৈ আগবঢ়াইছে। দলীয় নেতাৰ ভিতৰত পি. চিদাম্বৰমে ৩ কোটি আৰু ৰাজীৱ গৌড়াই ৪.২ কোটি টকাৰ অৱদান আগবঢ়াইছে। মুঠ অৱদানৰ ক্ষেত্ৰত বিজেপিয়ে যোৱা বৰ্ষৰ তুলনাত প্ৰায় ৫৩ শতাংশ অধিক অৰ্থাৎ ৬,০৮৮ কোটি টকা লাভ কৰিছে, যিটো কংগ্ৰেছে লাভ কৰা মুঠ অৱদানৰ প্ৰায় ১২ গুণ। কংগ্ৰেছৰ মতে ডাঙৰ কোম্পানীসমূহে তদন্তৰ ভয়ত তেওঁলোকক সহায় কৰিবলৈ ইচ্ছা নকৰে, যাৰ বাবে তেওঁলোকে ব্যক্তিগত অনুদানৰ ওপৰত অধিক নিৰ্ভৰ কৰিবলগীয়া হৈছে।

Related News