NORTHEAST NOW (Assamese)
Popular Stories

অন্তৰ্বাসে আনিছে ভাল খবৰ : পূৰ্বতকৈ বৃদ্ধি পাইছে অন্তৰ্বাসৰ বিক্ৰী

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী August 19, 2024 4:03 pm

অন্তৰ্বাসে আনিছে ভাল খবৰ। দেশত পূৰ্বতকৈ অন্তৰ্বাসৰ বিক্ৰী বৃদ্ধি পাইছে। কভিডৰ সময়ত দেশৰ অৰ্থনীতি বিধ্বস্ত হৈ পৰিছিল। যাৰ ফলত হ্ৰাস পাইছিল অন্তৰ্বাসৰ বিক্ৰী। এতিয়া অন্তৰ্বাসৰ বিক্ৰী বৃদ্ধি হোৱা ঘটনাই দেশৰ অৰ্থনীতি ভাললৈ অহাৰ ইংগিত দিছে।

উল্লেখ্য যে অন্তৰ্বাস ক্ৰয়-বিক্ৰয়ৰ লগত জড়িত হৈ আছে অৰ্থনীতিৰ এক বিশেষ ফৰ্মূলা। মুদ্রাস্ফীতিৰ হাৰ হ্ৰাসকে ধৰি কেতবোৰ বিশেষ কাৰকে দেশৰ অৰ্থনৈতিক উন্নতিৰ ইংগিত দিয়ে অন্তৰ্বাসে।

অন্তৰ্বাস নিৰ্মাতা আৰু বিক্ৰেতা সকলে জনোৱা মতে চলিত বছৰত ক্ৰমান্বয়ে অন্তৰ্বাসৰ বিক্ৰী বৃদ্ধি পাইছে। অৰ্থনৈতিক বিশেষজ্ঞৰ মতে অন্তৰ্বাস বিক্ৰীৰ বৃদ্ধি হোৱাটোৱে অৰ্থনীতি উন্নত হোৱাতো বুজায়।

বজাৰ বিশ্লেষকৰ তথ্যমতে অর্থনৈতিক দুৰৱস্থা বা মন্দাৱস্থাৰ সময়ত পুৰুষ আৰু মহিলাই সাধাৰণতে অন্তর্বাস ক্ৰয়ৰ ক্ষেত্ৰত কিছু হাত ধৰি চলে। মন্দাৱস্থাত সাধাৰণতে পুৰুষে এটা অন্তর্বাস যিমান দিনলৈ পাৰে সিমান দিনলৈকে পৰিধান কৰাৰ চেষ্টা কৰে। অর্থনৈতিক দুৰৱস্থাৰ সময়ত পুৰণি অন্তর্বাসকেই ব্যৱহাৰ কৰে বুলি বজাৰ বিশ্লেষকে উল্লেখ কৰিছে।

জানিব পৰা মতে পূৰ্বতকৈ চলিত বছৰত অৰবিন্দ ফেশ্বনছৰ ১০ শতাংশ, ৰূপাৰ ৯ শতাংশ, লাক্সৰ ৮ শতাংশ আৰু ভি আই পিৰ প্রায় ১০ শতাংশ বিক্ৰী বৃদ্ধি পাইছে।