NORTHEAST NOW (Assamese)

বিহু মঞ্চত দুৰ্ভাগ্যজনক ঘটনা! মঞ্চৰ পৰা শিল্পী দিগন্ত ভাৰতীক নমাই দিলে সমিতিৰ বিষয়ববীয়াই

April 17, 2025 3:18 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰঙালী বিহুৰ উছাহৰ মাজতে চানমাৰিৰ পূব গুৱাহাটী বিহু সন্মিলনৰ মঞ্চত ঘটিল চৰম দুৰ্ভাগ্যজনক ঘটনা। পূব গুৱাহাটী বিহু সন্মিলনৰ মঞ্চত কণ্ঠশিল্পী-গীতিকাৰ-সুৰকাৰ দিগন্ত ভাৰতীক।

শিল্পী দিগন্ত ভাৰতীক মঞ্চৰ পৰা জোৰকৈ নমাই আনিলে পূব গুৱাহাটী বিহু সন্মিলন সমিতিৰ বিষয়ববীয়াই।

পূব গুৱাহাটী বিহু সন্মিলনৰ সমিতিৰ বিষয়ববীয়া সীমান্ত ঠাকুৰীয়াই সুৰামত্ত অৱস্থাত অপমান কৰাৰ অভিযোগ।

উল্লেখ্য যে, বুধবাৰে পূব গুৱাহাটী বিহু সন্মিলনত অনুষ্ঠান পৰিৱেশনৰ বাবে আমন্ত্ৰিত আছিল জনপ্ৰিয় কণ্ঠশিল্পী ভাস্বতী ভাৰতী। কণ্ঠশিল্পী তথা পত্নী ভাস্বতী ভৰালীৰ অনুষ্ঠান চাবলৈ দৰ্শকৰ আসনত বহি আছিল দিগন্ত ভাৰতী।

কিন্তু তেতিয়া পূব গুৱাহাটী বিহু সন্মিলনৰ সমিতিৰ একাংশ বিষয়ববীয়াই কণ্ঠশিল্পীগৰাকীক জোৰ কৰি মঞ্চত গীত গাবলৈ আমন্ত্ৰণ জনাইছিল। বহুবাৰ মঞ্চত গীত পৰিৱেশন নকৰো বুলি কোৱাৰ পাছতো জোৰকৈ মঞ্চলৈ মাতি নিছিল দিগন্ত ভাৰতীক।

মঞ্চত উঠাৰ পাছত পূব গুৱাহাটী বিহু সন্মিলনৰ সমিতিৰ বিষয়ববীয়াই সম্বৰ্ধনাও জনাইছিল শিল্পীগৰাকীক। ৰাইজ আৰু উপস্থিত সমিতি বিষয়ববীয়াৰ অনুৰোধত এটি গীতো গুণগুণাইছিল শিল্পীগৰাকীয়ে।

কিন্তু অনুষ্ঠান চলি থকাৰ মাজতে মঞ্চত আবিৰ্ভাৱ হল সীমান্ত ঠাকুৰীয়াসহ আন দুজন বিষয়ববীয়া।যি কেইজনে গীত গাই থকাৰ অৱস্থাতে দিগন্ত ভাৰতীৰ পৰা কাঢ়ি ললে মাইক্ৰফোন।

সমিতিৰ বিষয়ববীয়াৰ মতে ধুতি নিপিন্ধাকৈ মঞ্চত উঠাৰ বাবেই টনা-আঁজোৰা কৰি মঞ্চৰ পৰা নমাই লৈ গল শিল্পী দিগন্ত ভাৰতীক।

সীমান্ত ঠাকুৰীয়াসহ পূব গুৱাহাটী বিহু সন্মিলনৰ একাংশ বিষয়ববীয়াই সুৰাপান কৰি থকাৰ অভিযোগ উত্থাপন কৰিছে দিগন্ত ভাৰতীৰ পত্নী তথা কণ্ঠশিল্পী ভাস্বতী ভাৰতীয়ে।

Related News