NORTHEAST NOW (Assamese)
অসম

শালনাৰ লেংটেঙত অচিনাক্ত মৃতদেহ উদ্ধাৰ

Posted by: বিদ্যুৎজ্যোতি বৰা Updated by: বিদ্যুৎজ্যোতি বৰা October 23, 2020 2:19 pm
122377994_757661905099086_7149951720096633705_n

চৌদিশে দুৰ্গা পূজা চলি থকাৰ সময়তে নগাঁও জিলাৰ শালনা আৰক্ষী চকীৰ অন্তৰ্গত লেংটেঙত আজি এটি অচিনাক্ত লোকৰ মৃতদেহ  উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আজি দুপৰীয়া লেংটেঙৰ মাজেৰে বৈ যোৱা ডিজু নৈৰ পৰা এটি মৃতদেহ শালনা আৰক্ষীয়ে স্থানীয় লোকৰ সহযোগত উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে।

উদ্ধাৰ হোৱা মৃতদেহটো বৰ্তমানলৈ আৰক্ষীয়ে চিনাক্ত কৰিব পৰা নাই বুলি আৰক্ষীৰ সুত্ৰই জানিবলৈ দিছে।

আৰক্ষীৰ লোকে প্রাথমিকভাৱে ইযাক এক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে।

ঘটনা সন্দৰ্ভত শালনা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।