NORTHEAST NOW (Assamese)
অৰুণাচল

৫,৫০০টা প্ৰশাসনিক ভৱন নকৈ নিৰ্মাণৰ বাবে বৃহৎ পুঁজি কেন্দ্ৰৰ : ৰাজ্যপালক সাক্ষাৎ নিৰ্মলা সীতাৰমণৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 1, 2024 10:00 pm

মঙলবাৰে কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী নিৰ্মলা সীতাৰমনে ইটানগৰস্থিত ৰাজ ভৱনত অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল লেফটেনেন্ট জেনেৰেল কেটি পাৰ্নাইকক সাক্ষাৎ কৰে। এই বৈঠকত তেওঁলোকে অৰুণাচল প্ৰদেশলৈ বিত্তীয় সাহায্য আগবঢ়োৱাৰ প্ৰসংগত আলোচনা কৰে।

এই আলোচনাত ৰাজ্যপালজনে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ১৯৬০ আৰু ১৯৭০-ৰ দশকত নিৰ্মাণ কৰা আৰু এতিয়া জৰাজীৰ্ণ হৈ পৰা প্ৰায় ৫,৫০০ টা প্ৰশাসনিক ভৱন পুনৰ নিৰ্মাণৰ বাবে এককালীন বিশেষ আৰ্থিক সাহায্য আগবঢ়াবলৈ অনুৰোধ জনায়।

ৰাজ্যপালজনে কয় যে আন্তঃৰাষ্ট্ৰীয় বেংকৰপৰা ঋণ লাভৰ ব্যৱস্থা নথকা আৰু ৰাজ্যখন আৰ্থিক সাহায্যৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ পৰিপ্ৰেক্ষিতত অৰুণাচল প্ৰদেশক অতিৰিক্ত পুঁজিৰে সহায়ৰ প্ৰয়োজন আছে। তেওঁ ৰাজ্যখনৰ আৰ্থিক প্ৰত্যাহ্বানৰাজি সম্পৰ্কে ব্যক্ত কৰি পাৰিপাৰ্শ্বিক, জলবিদ্যুৎ আৰু সীমান্ত অঞ্চল উন্নয়ন প্ৰকল্পৰ বাবে বিশেষ সাহায্যৰ অধীনত পুঁজি আগবঢ়াবলৈ অনুৰোধ জনায়।

জিলা ভ্ৰমণৰ সময়ত বলেং আৰু আলোত ‘লাখপতি দিদি’সকলৰ সৈতে মত-বিনিময় কৰা কৰি ৰাজ্যপালে বিত্তীয় আৰু অবিত্তীয় সেৱাৰ বাবে ওৱান-ষ্টপ চেন্টাৰৰ পৰামৰ্শ আগবঢ়ায়। তেওঁ ৰাজ্য চৰকাৰৰ আউটৰিচ কল্যাণমূলক কাৰ্য্যসূচী সেৱা আপকে দ্বাৰৰ অধীনত অধিক আৰ্থিক অন্তৰ্ভুক্তিৰ অৰ্থে বেংকসমূহক অংশগ্ৰহণৰ প্ৰস্তাৱ আগবঢ়ায়, যি পদক্ষেপে অৰুণাচল প্ৰদেশৰ প্ৰতিটো পৰিয়ালৰ প্ৰতিগৰাকী প্ৰাপ্তবয়স্ক সদস্যৰ বেংক একাউন্ট থকা, অটল পেঞ্চন যোজনা, সুকন্যা সমৃদ্ধি যোজনাৰ দৰে কেন্দ্ৰীয় আঁচনি তথা ৰাজ্যিক আঁচনি যেনেঃ আত্মনিৰ্ভৰ অৰুণাচল, দুলাৰী কন্যা যোজনাৰ সা-সুবিধা লাভ কৰাটো নিশ্চিত কৰিব পাৰিব।

ইফালে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ৰাজ্যপালক অৰুণাচল প্ৰদেশলৈ প্ৰয়োজনীয় আৰ্থিক সাহায্য আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।