NORTHEAST NOW (Assamese)
অসম

বন্ধ হ’ব পাৰে সকলো ধৰণৰ ধপাতযুক্ত সামগ্ৰীৰ প্ৰচলন !

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 16, 2020 1:31 pm

ভাৰতত ভয়াবহ ৰূপ ধাৰণ কৰা ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ হৰ্ষ বৰ্দ্ধনে শুকুৰবাৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহক ধপাতযুক্ত সামগ্ৰীৰ বিক্ৰী নিষিদ্ধ আৰু ৰাজহুৱা স্থানত পিকোৱা বন্ধ কৰাৰ বাবে আহ্বান জনায়।

ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী সকলক সম্বোধন কৰি লিখা এখন পত্ৰত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্দ্ধনে এই আহ্বান জনায়।

ধোৱাবিহীন ধপাতযুক্ত সামগ্ৰী সমূহ বিক্ৰী কৰা দোকান সমূহৰ সন্মুখত মানুহে জুম বন্ধা বন্ধ কৰাৰ বাবেও কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে লগতে আহ্বান জনায়।

উল্লেখযোগ্য যে, দিল্লীৰ লগতে অসমতো ৰাজহুৱা স্থানত পিকোৱা নিষিদ্ধ কৰা হৈছিল।

অসম চৰকাৰে ৰাহজুৱা স্থানত পিকালে জৰিমনাৰ লগতে কাৰাদণ্ড বিহাৰ কথাও ঘোষণা কৰিছিল।

উল্লেখযোগ্য যে, শুকুৰবাৰে ভাৰতত ক’ৰ’না আক্ৰান্তৰ সংখ্যাই চীনক অতিক্ৰম কৰে।

ভাৰতত বৰ্তমানলৈ ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৮৫,০০০ অধিক হৈছে। অসমতো ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৯১ জনলৈ বৃদ্ধি পাইছে।