NORTHEAST NOW (Assamese)

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰ চৌবে ক’ভিড পজিটিভ

December 28, 2020 6:48 pm · এন ই নাও নিউজ
Updated: December 28, 2020 6:49 pm

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰ চৌবে ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। টুইট কৰি মন্ত্ৰী গৰাকীয়ে এই কথা জানিবলৈ দিয়ে।

টুইটটোত তেওঁ কয়, ‘ক’ৰ’নাৰ প্ৰাথমিক লক্ষণ দেখা পোৱাত মই আজি পৰীক্ষা কৰিছিলো আৰু ৰিপ’ৰ্ট পজিটিভ আহে। মোৰ স্বাস্থ্য ঠিকে আছে’।

তেওঁ লগতে চিকিৎসকৰ পৰামৰ্শ অনুযায়ী আইছ’লেশ্যনত থাকি সকলো নীতি-নিৰ্দেশনা পালন কৰা বুলিও জনায়।

‘মোৰ অনুৰোধ, যোৱা কিছু দিনত যিমান লোক মোৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোক নিজকে আইছ’লেট কৰি ক’ৰ’না পৰীক্ষা কৰাওক’, এইদৰে টুইটটোৰ জৰিয়তে আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ ৰাজ্যিক মন্ত্ৰী অশ্বিনী কুমাৰ চৌবে।

Related News