NORTHEAST NOW (Assamese)

ভাষণৰ সময়তে হঠাৎ ঘটিল ৰক্তক্ষৰণৰ ঘটনা; চিকিৎসালয়ত ভৰ্তি কেন্দ্ৰীয় মন্ত্ৰী

July 29, 2024 10:13 am · এন ই নাও নিউজ, গুৱাহাটী
ফটোঃ সংগ্ৰহীত।

ভাষণ দি থাকোঁতে হঠাৎ কেন্দ্ৰীয় মন্ত্ৰীৰ নাকৰ পৰা তেজ ওলাবলৈ ধৰিলে। কেন্দ্ৰীয় মন্ত্ৰী এইচ ডি কুমাৰস্বামীৰ সৈতে ঘটিছে এই ঘটনা। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু ভৰ্তি কৰোৱা হয়।

জানিব পৰা মতে, দেওবাৰে বেংগালুৰুত এখন সংবাদমেলত অংশগ্ৰহণ কৰিছিল কুমাৰস্বামীয়ে। তেওঁৰ সৈতে আছিল কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ইয়েডুৰাপ্পা। কিন্তু ভাষণৰ সময়ত কুমাৰস্বামীৰ নাকৰ পৰা হঠাৎ তেজ ওলাবলৈ ধৰে। নাকৰ পৰা সোঁ-সোৱাই তেজ ওলাই অহা দেখা যায়। ইতিমধ্যে এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

লগতে পঢ়কঃ পেৰিছ অলিম্পিকত পদক লাভ কৰি কি কি কৃতিত্ব অৰ্জন কৰিলে মনু ভাকেৰে?

ভিডিঅ’টোত কেনেবাকৈ ৰক্তক্ষৰণ বন্ধ কৰিবলৈ কুমাৰস্বামীয়ে ৰুমালেৰে নাক ঢাকি ৰখা দেখা যায়। ইয়াৰ পিছতে তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

কুমাৰস্বামীয়ে বিষয়টো লুকুৱাবলৈ চেষ্টা কৰিছিল যদিও ৰক্তক্ষৰণ বাঢ়িছিল। ঘটনাস্থলীত উপস্থিত থকা লোকসকলে এনে দৃশ্য দেখি স্বাভাৱিকতে চিন্তিত হৈ পৰে। ইয়াৰ পিছত সময় নষ্ট নকৰাকৈ কুমাৰস্বামীৰ লগত থকা তেওঁৰ পুত্ৰ নিখিল কুমাৰস্বামীয়ে তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায়।

শেহতীয়া খবৰ অনুসৰি কুমাৰস্বামীক ৰক্তক্ষৰণৰ বাবে এখন ব্যক্তিগত হাস্পাতালৰ পৰা জয়নগৰৰ এপ’ল’ হাস্পতাললৈ স্থানান্তৰ কৰা হয়। এই ঘটনা সংবাদমেল অনুষ্ঠিত কৰাৰ সময়তে সংঘটিত হয়।

লগতে পঢ়কঃ বৰ্ষাবিঘ্নিত দ্বিতীয়খন মেচতো অদমনীয় সূৰ্য বাহিনী; শ্ৰীলংকাক পৰাস্ত কৰি শৃংখলা দখল ভাৰতৰ

মুডা আৰু বাল্মিকী কেলেংকাৰীক লৈ ছিদ্দাৰামাইয়া চৰকাৰৰ বিৰুদ্ধে নিজৰ পৰিকল্পনা দাঙি ধৰি বিৰোধী দল জেডি(এছ) আৰু বিজেপিৰ মাজত দেওবাৰেএক সংবাদ সন্মিলন অনুষ্ঠিত হৈছিল। তাত ইয়েডুৰাপ্পা আৰু কুমাৰস্বামী দুয়োজনে চৰকাৰক তীব্ৰ সমালোচনা কৰে। 

Related News