NORTHEAST NOW (Assamese)
অসম

দক্ষতা বিকাশ প্ৰতিষ্ঠান,গুৱাহাটীৰ শিক্ষাৰ্থীক প্ৰমাণপত্ৰৰ লগতে নিযুক্তি পত্ৰ প্ৰদান কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলিয়ে

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী October 10, 2021 8:27 pm

কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ তথা শ্ৰম আৰু নিয়োগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলিয়ে আজি দক্ষতা বিকাশ প্ৰতিষ্ঠান,গুৱাহাটীৰ সফলতাৰে প্ৰশিক্ষণ সমাপ্ত কৰা শিক্ষাৰ্থীক প্ৰমাণপত্ৰৰ লগতে নিযুক্তি পত্ৰ প্ৰদান কৰে।

গুৱাহাটীত থকা অইন ইণ্ডিয়া লিমিটেডৰ পাইপলাইনৰ মুখ্যকাৰ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী তেলিয়ে দক্ষতা বিকাশ প্ৰতিষ্ঠান,গুৱাহাটীৰ পৰা সফলতাৰে পাৎক্ৰম সমাপ্ত কৰা শিক্ষাৰ্থীসকলক প্ৰমাণপত্ৰৰ লগতে নিযুক্তি পত্ৰও প্ৰদান কৰে।

অনুষ্ঠানত অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সুশীল চন্দ্ৰ মিশ্ৰৰ উপৰি অইল ইণ্ডিয়া লিমিটেড আৰু দক্ষতা বিকাশ প্ৰতিষ্ঠান,গুৱাহাটীৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে।

অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় মন্ত্ৰী তেলিয়ে কয় যে দক্ষতা বিকাশ প্ৰতিষ্ঠান,গুৱাহাটীত সফলতাৰে পাঠ্যক্ৰম সমাপ্ত কৰাসকলে তেওঁলোকৰ পৰিয়ালৰ লগতে নিজৰো জীৱনলৈ এক অভূতপূৰ্ব পৰিৱৰ্তন আনিবলৈ সক্ষম হ’ব।

তেওঁ এনে পদক্ষেপ গ্ৰহণ কৰা বাবে দক্ষতা বিকাশ প্ৰতিষ্ঠান,গুৱাহাটীৰ লগতে অইল কৰ্তৃপক্ষক ভূয়সী প্ৰশংসা কৰে।

উল্লেখ্য দক্ষতা বিকাশ প্ৰতিষ্ঠান,গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চলৰ ১০০০ তকৈয়ো অধিক শিক্ষাৰ্থীয়ে ১৬ টা ট্ৰেডত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘আত্ম নিৰ্ভৰ ভাৰত’ গঢ়াত এনে প্ৰশিক্ষণে সহায় কৰা বুলি তেওঁৰ ভাষণত উল্লেখ কৰে।

অনুষ্ঠানত অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সুশীল চন্দ্ৰ মিশ্ৰই সামাজিক দায়ৱদ্ধতাৰ ক্ষেত্ৰত অইলে গ্ৰহণ কৰি অহা এনে পদক্ষেপেসমূহে বহুতকে উপকৃত কৰিছে বুলি মন্তব্য কৰে।

অনুষ্ঠানত অইলৰ কাৰ্যবাহী সঞ্চালক ( মানৱ সম্পদ বিভাগ ) অশোক দাসেও অইলে গ্ৰহণ কৰা দক্ষতা বিকাশৰ বিভিন্ন কাৰ্যসূচীৰ বিষয়ে সাৱলীল ভাবে বাখ্যা কৰে।

অনুষ্ঠানৰ আৰম্ভনিতে পাইপলাইন সেৱাৰ মুখ্য প্ৰৱন্ধক সন্দীপ গোস্বামীয়ে অভ্যাগত সকলোকে আদৰণি জনায়। উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতে দক্ষতা বিকাশ প্ৰতিষ্ঠান,গুৱাহাটীৰ মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত বৰুৱাই দক্ষতা বিকাশ প্ৰতিষ্ঠান,গুৱাহাটীয়ে বিগত দিন সমূহত দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত অৰ্জন কৰা সফলতাৰ বিষয়ে উল্লেখ কৰে।

এই অনুষ্ঠানতে প্ৰগতি এডুটেকে প্ৰস্তুত কৰি উলিওৱা দক্ষতা বিকাশ প্ৰতিষ্ঠান,গুৱাহাটী সম্পৰ্কীয় এখন কফি টেবলবুক কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলিয়ে উন্মোচন কৰে বুলি দক্ষতা বিকাশ প্ৰতিষ্ঠান,গুৱাহাটীৰ সম্পাদক ৰাজুমণি শইকীয়াই জানিবলৈ দিছে।

অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় পাইপলাইন সেৱাৰ  প্ৰৱন্ধক মাধুৰ্য বৰুৱাই।