NORTHEAST NOW (Assamese)

ৰাজ্যিক ৰে’ল মন্ত্ৰী ৰাজেন গোহাঁইয়ে উদ্ধোধন কৰিলে ‘ৰাম মন্দিৰ’!

October 15, 2018 10:32 pm · এন ই নাও নিউজ
Updated: October 15, 2018 10:39 pm
প্ৰতিনিধিত্বমূলক ছবি

অয্যোধাৰ বহু বিতৰ্কিত ৰাম মন্দিৰ নিৰ্মাণকলৈ বাদ বিবাদ চলি থকাৰ মাজতে আজি ৰে’ল নগৰী লামডিঙৰ এখন দুৰ্গা পূজা সমিতিয়ে ৰাম মন্দিৰৰ আৰ্হিত এখন পূজা মণ্ডপ নিৰ্মাণ কৰি অয্যোধাত ৰাম মন্দিৰ নিৰ্মাণৰ দাবী পুনৰ উত্থাপন কৰিছে।

ৰাম মন্দিৰৰ আৰ্হিত নিৰ্মিত উক্ত পূজা মণ্ডপটো উদ্ধোধন কৰে কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইয়ে।

প্ৰায় ৭ লাখ টকা ব্যয়ৰে স্থানীয় শিল্পী আৰু যুৱকৰ সহযোগত পূজা মণ্ডপটো নিৰ্মাণ কৰা হৈছে বুলি জানিব পৰা গৈছে। আনহাতে পূজা সমিতিৰ বিষয়ববীয়া সকলে কয় যে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছত কেন্দ্ৰীয় চৰকাৰে অযোধ্যাত সচাঁকৈ ৰাম মন্দিৰ নিৰ্মাণ কৰিব বুলি দাবী কৰে।

উল্লেখযোগ্য যে ১৯৯২ চনত হিন্দুত্ববাদী নেতাৰ উচটনিত কৰসেৱকসকলে অযোধ্যাৰ বাবৰি মচজিদ ভাঙি দিয়াৰ ২৬ বছৰৰ পাছতো উক্ত ঠাইত কোৱা মতে ৰাম মন্দিৰ নিৰ্মাণ কৰিব নোৱাৰিলে হিন্দুত্ববাদী শক্তি তথা তেওঁলোকৰ পৃষ্ঠপোষক চৰকাৰে। কিন্তু শেহতীয়াকৈ উত্তৰ-পূবলৈ সম্প্ৰসাৰণবাদী কাৰ্য্যসূচী বিস্তাৰ ঘটাবলৈ সক্ষম হোৱা হিন্দুত্ববাদী শক্তিয়ে ৰাম মন্দিৰ স্থাপন কৰিবলৈ পৰিকল্পনা কৰিছে অসমৰ কেইবা ঠাইতো।

যোৱা ২৭ মে’ত ৰামসেনা নামৰ এটা নৱ গঠিত সংগঠনে দিচপুৰ প্ৰেছ ক্লাবত এখন সভা পাতি অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত সংগঠনটোৱে ৰাম মন্দিৰ নিৰ্মাণ কৰিব বুলি ঘোষণা কৰিছিল।

Related News