NORTHEAST NOW (Assamese)
অসম

ভাৰতে বিকল্প ইন্ধনৰ কথা ভাবি চোৱাৰ সময় আহি পৰিছে : নিতিন গাডকাৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 17, 2021 8:05 am

ভাৰতে বিকল্প ইন্ধনৰ সন্ধান আৰম্ভ কৰা উচিত বুলি মঙলবাৰে মতপ্ৰকাশ কৰে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নিতিন গাডকাৰীয়ে।

দেশত ইন্ধনৰ মূল্য বৃদ্ধি সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে এইদৰে কয়।

‘‘মোৰ উপদেশ হৈছে-এয়া সমগ্ৰ দেশে বিকল্প ইন্ধনৰ পক্ষত যোৱা উচিত,’’ নিতিন গাডকাৰীয়ে কয়।

‘‘মই ইতিমধ্যে বিদ্যুতক ইন্ধন হিচাপে ব্যৱহাৰৰ কথা কৈ আহিছো কাৰণ ভাৰত বিদ্যুতৰ ক্ষেত্ৰত সমৃদ্ধিশালী……মোৰ মন্ত্ৰ্যালয়ে লিথিয়াম-আইনক বিকল্প ইন্ধন হিচাপে ব্যৱহাৰযোগ্য কৰি তোলাৰ ক্ষেত্ৰতো পদক্ষেপ গ্ৰহণ কৰিছে,’’ গাডকাৰীয়ে সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত কয়।

উল্লেখযোগ্য যে, নিতিন গাডকাৰীয়ে পূৰ্বৰে পৰা বিদ্যুত, সৌৰ শক্তিকে ধৰি বিকল্প ইন্ধনৰ কথা কৈ আহিছে।

পেট্ৰ’ল-ডিজেলৰ পূৰ্বে এনেবোৰ ইন্ধনৰ ব্যৱহাৰে পৰিবেশ প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰতো সহায়ক হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে সদৰী কৰে।