NORTHEAST NOW (Assamese)
দেশ

লখিমপুৰ খেৰী হত্যা: কেন্দ্ৰীয় মন্ত্ৰীক বৰ্খাস্তৰ দাবীৰে সদন উত্তাল ঐক্যবদ্ধ বিৰোধীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 16, 2021 8:41 pm
Opposition seeks MoS Ajay Mishra’s resignation

লখিমপুৰ খেৰীত সংঘটিত কৃষক হত্যাকাণ্ডৰ মূল অভিযুক্ত আশীষ মিশ্ৰৰ পিতৃ কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰক মন্ত্ৰী সভাৰ পৰা বৰ্খাস্ত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে বিৰোধী কংগ্ৰেছ, টিএমচি, ডিএমকে আৰু বাঁওপন্থী দলসমূহে।

অজয় মিশ্ৰক বৰ্খাস্ত কৰাৰ দাবীৰে সদনৰ কাৰ্যক্ৰম ব্যাহত কৰাৰ পিছত বৃহস্পতিবাৰে দুপৰীয়া ২ বজালৈ লোকসভা স্থগিত ৰখা হয়।

প্ৰশ্নকালত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে মন্ত্ৰীজনক অপৰাধী আখ্যা দি বৰ্খাস্ত কৰাৰ দাবী জনায়। গান্ধীয়ে আঙুলিয়াই দিছিল যে স্থানীয় আদালতত দাখিল কৰা তদন্ত কমিটিৰ প্ৰতিবেদনত ৩ অক্টোবৰত উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত কৃষক হত্যাত মন্ত্ৰী জনৰ পুত্ৰ আশীষ মিশ্ৰ জড়িত থকাৰ প্ৰমাণ পোৱা গৈছে।

যিসকলে কৃষকসকলক হত্যা কৰিছে তেওঁলোকক বৰ্খাস্ত কৰা উচিত বুলি মন্তব্য কৰে ৰাহুল গান্ধীয়ে। কংগ্ৰেছৰ সাংসদসকলে আন বিৰোধী সাংসদসকলৰ সৈতে শ্ল’গান দি আৰু প্লেকাৰ্ড হাতত লৈ সদনৰ মজিয়াত বিক্ষোভ প্ৰদৰ্শন কৰে।

জ্যেষ্ঠ সাংসদ কল্যাণ বেনাৰ্জী আৰু সৌগত ৰায়ৰ নেতৃত্বত তৃণমূল কংগ্ৰেছেও মন্ত্ৰী অজয় মিশ্ৰৰ বৰ্খাস্ত দাবী কৰে।

বিক্ষোভৰ মাজতে অধ্যক্ষ বিৰলাই কয় যে সাংসদসকলে তেওঁলোকৰ সমষ্টিৰ বিষয়বোৰ উত্থাপন কৰিবলৈ প্ৰশ্নকাল ব্যৱহাৰ কৰিব লাগে আৰু প্ৰশ্নকালৰ সময় ব্যাহত কৰাৰ পৰিৱৰ্তে চৰকাৰৰ পৰা সঁহাৰি লাভৰ চেষ্টা কৰিব লাগে।

ইয়াৰ পাছতো বিৰোধী সাংসদসকলে তেওঁলোকৰ শ্ল’গান তীব্ৰতৰ কৰে। ফলশ্ৰুতিত লোকসভাৰ অধ্যক্ষই দুপৰীয়া ২ বজালৈ কাৰ্যক্ৰম স্থগিত ৰাখে।

উল্লেখ্য যে ৰাহুল গান্ধীয়ে বুধবাৰে খেৰী হত্যাকাণ্ড আৰু অজয় মিশ্ৰৰ বৰ্খাস্তৰ বিষয়ে আলোচনা কৰিবলৈ স্থগিত প্ৰস্তাৱৰ বাবে জাননী দিছিল। কিন্তু চৰকাৰে জোৰ দি কৈছিল যে বিষয়টো সংসদত আলোচনা কৰাৰ কোনো প্ৰশ্নই নাই কিয়নো বিষয়টো ন্যায়াধীশৰ অধীনত আছে।