NORTHEAST NOW (Assamese)
অসম

কৰৰ বোজাত ভাৰাক্ৰান্ত জনসাধাৰণ: কাইলৈ প্ৰতিবাদত নামিব ঐক্যবদ্ধ বিৰোধী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 22, 2023 9:26 pm
united opposition

ৰাজ্য চৰকাৰে নাগৰিককেন্দ্ৰিক সেৱাা ক্ষেত্ৰত শেহতীয়াকৈ সেৱা মাচুলৰ সংশোধন কৰি প্ৰকাশ কৰিছে মাচুলৰ নতুন তালিকা। মাচুল বৃদ্ধিৰ এই তালিকাত বিহুকে ধৰি বিভিন্ন ৰাজহুৱা অনুষ্ঠান সংলগ্ন কৰিছে অসম চৰকাৰে।

শাসকীয় বিজেপি চৰকাৰে এইদৰে অতিৰিক্ত কৰ আৰু মাচুল আৰোপ কৰাৰ সিদ্ধান্তৰ প্ৰতিবাদত কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ বিৰোধীয়ে কাইলৈ গুৱাহাটীৰ দীঘলীপুখুৰীপাৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি ঘোষণা কৰিছে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ বেদব্ৰত বৰাই সদৰী কৰা মতে, পুৱা ১১.৩০ বজাৰ পৰা দীঘলীপুখুৰীপাৰত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই চৰকাৰৰ এই সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। চৰকাৰে যদি এই সিদ্ধান্ত বলবৎ কৰে, তেতিয়া নাগৰিকৰ হাতত ধন দিয়াৰ বাহিৰে আন কোনো বিকল্প নাই বুলি মন্তব্য কৰে বৰাই।

তেওঁ লগতে এই সিদ্ধান্ত কাৰ্যকৰী হ’লে মাচুল আদায়ৰ ৰচিদসমূহ জনাসাধাৰণক জমা ৰাখিবলৈ আহ্বান জনাব আৰু ২০২৬ চনত কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ পিছত সেই ধন জনাসাধাৰণক ঘূৰাই দিয়া হ’ব বুলিও মন্তব্য কৰে।

কংগ্ৰেছ সভাপতিগৰাকীয়ে লগতে মূখ্যমন্ত্ৰীৰ চাৰ্টাৰ্ড বিমানৰ খৰচৰ ক্ষতিপূৰণ দিবলৈ চৰকাৰে এই মাচুল আৰোপ কৰিছে নেকি বুলিও প্ৰশ্ন কৰে। লগতে বাজপেয়ী ভৱন নিৰ্মাণৰ বাবে ঋণ ঘূৰাই দিবলৈ চৰকাৰক অধিক ধনৰ প্ৰয়োজন নেকি বুলিও প্ৰশ্ন তোলে ভূপেন বৰাই।

ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক জনবিৰোধী আখ্যা দি ভূপেন বৰাই এনে সিদ্ধান্তই জনসাধাৰণৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে বুলি দাবী কৰে। দেশত সুস্থ গণতন্ত্ৰৰ বাবে তিনিটা ‘H’ আঁতৰাবলৈ বিচাৰে বুলিয়ো বৰাই মন্তব্য কৰে।

প্ৰথমে বিজেপিৰ ‘হিন্দু-মুছলমান ৰাজনীতি’, দ্বিতীয়তে ‘হিতাধিকাৰী’ আৰু তৃতীয়তে ‘হিমন্ত’,- এই তিনিটা ‘H’ দেশত সুস্থ গণতন্ত্ৰৰ বাবে আঁতৰাব বিচাৰোঁ বুলি ভূপেন বৰাই লগতে কয়।

ইফালে অসম বিধানসভাৰ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই চৰকাৰৰ এই সিদ্ধান্তই জনসাধাৰণৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে বুলি অভিযোগ কৰে।