NORTHEAST NOW (Assamese)
Popular Stories

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত বিশ্ববিদ্যালয় অনুদান আয়োগৰ (ইউ জি চি) বিশেষজ্ঞ সমিতিৰ দল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 13, 2024 3:01 pm

বিশ্ববিদ্যালয় অনুদান আয়োগৰ (ইউ জি চি) এখন বিশেষজ্ঞ সমিতিয়ে শেহতীয়াকৈ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়, অসম( জি চি ইউ) পৰিভ্ৰমণ কৰে l পৰিদৰ্শকৰ দলটোৱে বিশ্ববিদ্যালয়খনে বিভিন্ন কাৰ্যসূচী, অধ্যাপক, আন্তঃগাঁথনিৰ সুবিধা, বিত্তীয় ব্যৱস্থা , আৰু অন্যান্য মূল পৰিমাপসমূহৰ সৈতে জড়িত মাপকাঠীসমূহ মানি চলা ইত্যাদিৰ মূল্যায়ন কৰে। ভাৰ্চুৱেল মাধ্যমত হোৱা এই পৰিদৰ্শন ২০২৪ চনৰ ৫ আৰু ৬ জুন মাহত অনুষ্ঠিত হয় ।২(এফ)ৰ অধীনত ইউ জি চিৰ অনুমোদন নিশ্চিত কৰিবলৈ নতুনকৈ প্ৰতিষ্ঠিত সকলো বিশ্ববিদ্যালয়ৰ বাবে ইউ জি চিৰ বিশেষজ্ঞ সমিতিৰ এই পৰিদৰ্শন বাধ্যতামূলক।

৫ জুন বুধবাৰে পুৱা ১০:৩০ বজাৰ পৰা হোৱা এই পৰিদৰ্শন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক কন্দৰ্প দাসৰ বিস্তৃত উপস্থাপনাৰে আৰম্ভ হয়। অধ্যাপক দাসে বিশ্ববিদ্যালয়খনৰ আইনী মৰ্যাদা, সাংগঠনিক গাঁথনি, শৈক্ষিক কাৰ্যকলাপ, অধ্যাপক সকলৰ সবিশেষ, আন্তঃগাঁথনি, শাসন ব্যৱস্থা আদি সামৰি লৈ এক বিস্তৃত আভাস আগবঢ়ায়।
জম্মুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক সঞ্জীৱ জৈনৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা পৰিদৰ্শনত উপস্থিত থাকে আই আই টি ইন্দোৰ, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জে এন ইউ), আঞ্চলিক পেৰামেডিকেল আৰু নাৰ্চিং বিজ্ঞান প্ৰতিষ্ঠান আদি বিভিন্ন স্বনামধন্য প্ৰতিষ্ঠানৰ এক বিশেষজ্ঞ সমিতিৰ দল l সমিতিখনে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিৰ সুবিধাসমূহ যেনে শৈক্ষিক ভৱন, পৰীক্ষাগাৰ, অত্যাধুনিক বিশ্লেষণাত্মক যন্ত্ৰপাতিৰ সুবিধা (S A I F), শ্ৰেণীকোঠা আদি ভাৰ্চুৱেল পদ্ধতিৰে পৰিদৰ্শন কৰাৰ লগতে বিশ্ববিদ্যালয়ৰ অধ্যাপক সদস্যসকলৰ সৈতে মত বিনিময় কৰে।

৬ জুনৰ পৰিদৰ্শনৰ সময়চোৱাত আভ্যন্তৰীণ গুণগত নিশ্চয়তা কোষ (আই কিউ এ চি)ৰ সঞ্চালকে বিশ্ববিদ্যালয়ৰ আই কিউ এ চিৰ কাৰ্য্যকলাপৰ বিষয়ে বিস্তৃত ভাৱে উপস্থাপন কৰে। সমিতিখনে আৰু বিশ্ববিদ্যালয়খনত উপলব্ধ থকা বিভিন্ন সুবিধাসমূহ, যেনে কেন্দ্ৰীয় পুথিভঁৰাল, কৰ্মশালা, এ আই চি টি ই আইডিয়া লেব, ক্ৰীড়াৰ সুবিধা, প্ৰেক্ষাগৃহ, কেফেটেৰিয়া, হোষ্টেল, আৰু পৰিবহণৰ সুবিধাসমূহ পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ছোৱাত দলটোৱে পৃষ্ঠপোষক সমিতি, শ্ৰীমন্ত শংকৰ একাডেমীৰ সদস্যসকলৰ লগতে ছাত্ৰ-ছাত্ৰী, শিক্ষা বিভাগৰ সৈতে জড়িত নথকা কৰ্মচাৰী, আৰু অন্যান্য হিতাকাঙ্খীসকলৰ সৈতে আলোচনাত মিলিত হয়।

বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক দীপাংকৰ সাহাই এই ভাৰ্চুৱেল পৰিদৰ্শনত ন’ডেল বিষয়া হিচাপে সমগ্ৰ পৰিদৰ্শন প্ৰক্ৰিয়াটো অত্যন্ত মসৃণ আৰু শৃংখলাবদ্ধভাৱে সম্পন্ন কৰে। গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে শিক্ষা আৰু আন্তঃগাঁথনিৰ উচ্চ মানদণ্ড বজাই ৰখাৰ বাবে সদায় প্ৰতিশ্ৰুতিবদ্ধ, আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ (ইউ জি চি) বিশেষজ্ঞ সমিতিৰ এই ভাৰ্চুৱেল ভ্ৰমণে উচ্চ শিক্ষাৰ ক্ষেত্ৰত বিশ্ব বিদ্যালয়ে উৎকৃষ্টতা বজাই ৰখাৰ প্ৰচেষ্টাক এক উল্লেখযোগ্য পদক্ষেপ বুলি চিহ্নিত কৰিছে।