NORTHEAST NOW (Assamese)
অসম

বানপানীৰ বাবে পিছুৱাই দিয়া হ’ল বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ B.A.LL.B/B.A.LL.B(Hons.)আৰু LL.B ৰ নাম ভৰ্তি প্ৰক্ৰিয়া

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 16, 2019 6:50 pm
Assam: Gauhati University to collect all fees online

অসমৰ সাম্প্ৰতিক জটিল বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ে শিক্ষানুষ্ঠানখনত ১৭ আৰু ১৮ জুলাইত হ’বলগীয়া পাঁচবছৰীয়া B.A.LL.B/B.A.LL.B(Hons.)আৰু তিনিবছৰীয়া LL.B  কোৰ্চৰ নাম ভৰ্তি প্ৰক্ৰিয়া অহা ২৬/০৭/২০১৯ আৰু ২৭/০৭/২০১৯ তাৰিখলৈ পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আইন মহাবিদ্যালয়ৰ অধ্যক্ষৰ হস্তাক্ষৰ সম্বলিত এখন জাননী যোগে এই কথা ৰাজহুৱা কৰা হয়।

প্ৰকাশপোৱা নতুন জাননী অনুসৰি ২৬/০৭/২০১৯ তাৰিখে B.A.LL.B/B.A.LL.B(Hons.) ৰ আৰু ২৭/০৭/২০১৯ তাৰিখে LL.B  বিষয়ৰ নাম ভৰ্তি হ’ব।

ৰাজ্যৰ বিভিন্ন অঞ্চলত ভয়াবহ বানপানীৰ ফলত সংযোগ বিচ্ছিন্ন হৈ থকাৰ বাবে বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় কৰ্তৃপক্ষই মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সহযোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ সৈতে হোৱা বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে।

‘‘বানপানীৰ কবলত আক্ৰান্ত উজনি আৰু নামনি অসমৰ বিভিন্ন স্থানৰ ছাত্ৰ-ছা্ত্ৰীয়ে কাইলৈ হ’বলগীয়া নাম ভৰ্তি প্ৰক্ৰিয়াত যাতায়তৰ অসুবিধাৰ বাবে উপস্থিত থকাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখিন হ’ব বুলি অনুমান কৰিয়ে ছাত্ৰ-ছাত্ৰী সকলৰ জ্ঞাতাৰ্থে নাম ভৰ্তি প্ৰক্ৰিয়া পিছুৱাই দিয়া হয়’’।-মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ এগৰাকী সদস্যই এনেদৰে আমাৰ সাংবাদিকৰ আগত মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, বানপানীৰ বাবে অসম বিধান সভাৰ অধিবেশনো পিছুৱাই দিয়া হয়।