NORTHEAST NOW (Assamese)
Popular Stories

ভয়ানক! শোণিতপুৰত অচিন ৰোগে প্ৰাণ কাঢ়িলে একেটা পৰিয়ালৰ তিনিগৰাকী লোকৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 14, 2023 8:57 pm

শোণিতপুৰ জিলাৰ বিহলীত এক অচিনাক্ত ৰোগত আক্ৰান্ত হৈ একেটা পৰিয়ালৰ এগৰাকী নাবালিকাকে ধৰি তিনিগৰাকী মহিলাই প্ৰাণ হেৰুৱাইছে।

খবৰ অনুসৰি, দীৰ্ঘদিন ধৰি এক অচিন ৰোগত আক্ৰান্ত হৈ থকা দুগৰাকী মহিলাই তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰিবলৈ আহি যোৱা ১১ মাৰ্চত শেষ নিশ্বাস ত্যাগ কৰিছিল।

জানিব পৰা মতে মহিলা দুগৰাকীৰ নাম ৰঞ্জু ঘাটোৱাৰ (২৭) আৰু মনিকা ঘাটোৱাৰ (২৫)।

তেওঁলোকৰ মৃত্যুৰ কেইদিনমান পিছত একে ধৰণৰ অজ্ঞাত ৰোগে তেওঁলোকৰ কনিষ্ঠ ভগ্নীৰ শৰীৰতো দেখা দিয়ে। ফলত শনিবাৰে নিজ বাসগৃহতে নাবালিকাগৰাকীৰো মৃত্যু হয়।

আনহাতে, আশ্চৰ্যজনকভাৱে পৰিয়ালটোৰ জুনু ঘাটোৱাৰ (২৫) নামৰ আন এগৰাকী মহিলাও একেটা ৰোগত আক্ৰান্ত হৈছে। সম্প্ৰতি তেওঁ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

ইফালে বিশ্বনাথ জিলাৰ স্বাস্থ্য বিষয়াসকলে স্থানীয় ৰাইজৰ মাজত আতংক আৰু ভয়ৰ সৃষ্টি কৰা এই মাৰাত্মক ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈছে। স্বাস্থ্য বিষয়াসকলে আক্ৰান্তসকলৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

এই ৰোগৰ লক্ষণসমূহ হ – শৰীৰৰ অত্যধিক বিষৰ লগতে গোটেই শৰীৰত ফোঁহাৰ সৃষ্টি হোৱা।

মহিলাকেইগৰাকীৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলোৱাৰ লগতে এক আতংকৰ সৃষ্টি কৰিছে।