NORTHEAST NOW (Assamese)
অসম

এ আই য়ু ডি এফৰ বঙাইগাঁও জিলাৰ উপ-সভাপতিৰ দোকানত চোৰৰ তাণ্ডৱ

Posted by: ইয়াছিন আলী Updated by: ইয়াছিন আলী June 18, 2020 1:46 pm
এ আই য়ু ডি এফৰ বঙাইগাঁও জিলাৰ উপ-সভাপতিৰ দোকানত চোৰৰ তাণ্ডৱ

ক’ৰ’না ভাইৰাছৰ সংহাৰ অব্যাহত থকাৰ সমান্তৰালকৈ ক্ৰমান্বয়ে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে অসামাজিক কাৰ্য কলাপ।

যোৱা নিশা বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰা ৩ য় খণ্ড বজাৰত নিশা চুৰিকাণ্ড সংঘটিত হয়। এই ঘটনাত অঞ্চল ব্যাপি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

জানিব পৰা মতে নিশা দুখনকৈ কাপোৰ দোকানৰ তলা ভাঙি লক্ষাধিক টকাৰ কাপোৰ লুটি নিয়া বুলি স্বত্তাধিকাৰী আবুল কালাম আজাদে জনায়।

উল্লেখ্য যে আব্দুল কালাম আজাদ হৈছে এ আই য়ু ডি এফৰ বঙাইগাঁও জিলা সমিতিৰ উপ-সভাপতি তথা নাম্বাৰপাৰা আঞ্চলিক কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা।

বজাৰ খনত ইয়াৰ পূৰ্বেও বহুবাৰ চুৰিকাণ্ড সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে যদিও চুৰিকাণ্ডৰ লগত জড়িত চক্ৰটোৰ কাকো আজিলৈকে চিনাক্ত কৰিব পৰা নাই।

ঘটনাটোৱে অঞ্চলটোৰ দোকানী সকলৰ মাজত উদ্বিগ্নতাৰ সৃষ্টি কৰিছে।

ইফালে ঘটনাস্থলত আজি ৰাতিপুৱা কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শিৱ প্ৰসাদ কলিতা উপস্থিত হৈ ঘটনাৰ বুজ লয়। এই চুৰি কাণ্ডৰ সৈতে জড়িত দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিবলৈ দোকানী সকলে কোকিলা আৰক্ষীক দাবী জনাইছে।