NORTHEAST NOW (Assamese)

গুৱাহাটীত দুচকীয়া বাহনৰ পিছফালে উঠাটো আৰু নিষিদ্ধ নহয়

September 5, 2020 10:02 pm · কল্পজ্যোতি শইকীয়া
প্ৰতীকী ছবি।

গুৱাহাটীৰ যান-বাহন আৰক্ষীয়ে শনিবাৰে সদৰী কৰিছে যে মহানগৰত দুচকীয়া বাহনৰ পিছফালে উঠাটো আৰু নিষিদ্ধ নহয়।

লকডাউনৰ মাজত দুচকীয়া বাহনত দুজন উঠাটো নিষিদ্ধ কৰা হৈছিল।

পৰৱৰ্তী সময়ত পিছৰ আসনত কেৱল মহিলাকহে উঠাৰ অনুমতি প্ৰদান কৰা হৈছিল।

অৱশ্যে দুজন যাত্ৰী উঠিলেও হেলমেট মাস্ক পৰিধান কৰাৰ লগতে কোভিড প্ৰটোকল মানি চলিবলৈ অনুৰোধ জনায় গুৱাহাটী যান বাহন আৰক্ষীয়ে।

শেহতীয়াকৈ অসমত জাৰি কৰা আনলক ৪ নিৰ্দেশনাৰ অধীনত লকডাউনত পূৰ্বতকৈ অধিক শিথিলতা প্ৰদান কৰা হৈছে।

কেন্দ্ৰৰ নিৰ্দেশনাৰ পিছত অসমত জাৰি কৰা নতুন নিৰ্দেশনাত নৈশ সান্ধ্য আইন আৰু সপ্তাহান্তিক লকডাউন উঠাই লোৱা হৈছে।

Related News