NORTHEAST NOW (Assamese)
দেশ

জঘন্য! অশ্লীল ভিডিঅ’ চাই নিজ কিশোৰী ভগ্নীক ধৰ্ষণ কৰি হত্যা যুৱকৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 6, 2024 3:37 pm
man rapes strangles teen sister

উত্তৰ প্ৰদেশৰ কাছগঞ্জ জিলাত সংঘটিত হৈছে এক জঘন্য কাণ্ড। নিজৰ ১৭ বৰ্ষীয় ভগ্নীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এজন ১৯ বছৰীয়া যুৱক।

প্ৰকাশিত খবৰ অনুসৰি মোবাইল ফোনত পৰ্ণগ্ৰাফিক ভিডিঅ’ চোৱাৰ পিছতে যুৱকজনে এনে বৰ্বৰ কাণ্ড সংঘটিত কৰে। যোৱা ৩ ফেব্ৰুৱাৰীৰ নিশা সংঘটিত হয় এই ঘটনা।

অভিযুক্ত যুৱকজনক সঞ্জু বুলি চিনাক্ত কৰা হৈছে। এই জঘন্য কাণ্ড সংঘটিত হোৱাৰ সময়ত দুই ভাতৃ-ভগ্নী ঘৰত অকলে আছিল।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, সঞ্জুৱে পৰ্ণ ক্লিপ চোৱাৰ পিছত কাষতে শুই থকা ভগ্নীক ধৰ্ষণ কৰে। পিছ মুহূৰ্ততে ভগ্নীয়ে কাৰোবাৰ আগত এই বিষয়ে প্ৰকাশ কৰিব পাৰে বুলি ভীতিগ্ৰস্ত হৈ পৰে সঞ্জু।

এই ভয়তে সঞ্জুৱে ভনীয়েকক ডিঙি চেপি হত্যা কৰি ঘৰৰ পৰা পলায়ন কৰে। ঘটনাৰ পিছদিনা পুৱা সঞ্জুৰ ককাক ৰাধেশ্যামে সঞ্জুৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

এই অভিযোগৰ ভিত্তিত ৫ ফেব্ৰুৱাৰীত আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ জেৰাৰ সময়ত সঞ্জুৱে নিজৰ অপৰাধ স্বীকাৰ কৰে।

কাছগঞ্জৰ আৰক্ষী অধীক্ষকে সঞ্জুৰ পৰা অশ্লীল ভিডিঅ’ থকা এটা মোবাইল ফোন উদ্ধাৰ কৰা হৈছে বুলি নিশ্চিত কৰিছে।

অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে সদৰী কৰে।