NORTHEAST NOW (Assamese)

পোখৰাণত বৰ্দ্ধিত পৰিসৰৰ পিনাকা ৰকেট লঞ্চাৰৰ সফল পৰীক্ষণ

December 11, 2021 5:25 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 11, 2021 5:27 pm

ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে পোখৰাণ ৰেঞ্জত বৰ্ধিত পৰিসৰৰ পিনাকা ৰকেট লঞ্চাৰ প্ৰণালীৰ সফল পৰীক্ষা সম্পন্ন কৰিছে।

এক চৰকাৰী বিবৃতিত প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয়, “DRDO এ সেনাৰ সৈতে কেইবাটাও প্ৰদৰ্শন মূল্যায়ন পৰীক্ষণ চলাইছিল। এই পৰীক্ষণবোৰত বৰ্ধিত পৰিসৰৰ পিনাকা ৰকেট বিভিন্ন ৱাৰহেড ক্ষমতাৰ সৈতে বিভিন্ন পৰিসৰত পৰীক্ষা কৰা হৈছিল।”

বিবৃতিটোত লগতে উল্লেখ কৰে, “সকলো পৰীক্ষণৰ উদ্দেশ্য সন্তোষজনকভাৱে পূৰণ কৰা হৈছিল। শুদ্ধতা আৰু স্থিৰতাৰ উদ্দেশ্য পূৰণ কৰিবলৈ বিভিন্ন পৰিসৰ আৰু ৱাৰহেড ক্ষমতাৰ বাবে 24 টা ৰকেট নিক্ষেপ কৰা হৈছিল।”

“পিনাকা-ইআৰ (বৰ্ধিত পৰিসৰ)ৰ প্ৰযুক্তি অৱশোষণৰ প্ৰাৰম্ভিক পৰ্যায় সফলতাৰে সম্পূৰ্ণ হৈছে, যাৰ ফলত উন্নত ৰকেট প্ৰণালী উৎপাদনৰ বাবে সাজু হৈ পৰিছে।”— মন্ত্ৰালয়ে লগতে কয়।

 

পিনাকা-ইআৰ হৈছে পূৰ্বৰ পিনাকাৰ উন্নীত সংস্কৰণ, যি যোৱা এক দশক ধৰি ভাৰতীয় সেনাৰ সেৱাত আছে। প্ৰণালীটো উন্নত প্ৰযুক্তিৰ সৈতে উদীয়মান প্ৰয়োজনীয়তাৰ পোহৰত ডিজাইন কৰা হৈছে। নতুন পিনাকাৰ সম্প্ৰসাৰিত পৰিসৰ ৭০ কিলোমিটাৰতকৈ অধিক।

পিনাকা হৈছে এক সৰ্ব-বতৰ, আৰ্টিলাৰী মাল্টি-বেৰেল ৰকেট প্ৰণালী। ই ৪৪ ছেকেণ্ডত ৭২ টা ৰকেট নিক্ষেপ কৰিব পাৰে।

Related News