NORTHEAST NOW (Assamese)

সংৰক্ষণৰ বাবে ‘নামমাত্ৰ’ ধৰ্মান্তৰকৰণ: উচ্চতম ন্যায়ালয়ৰ উদ্বেগ

January 29, 2026 10:02 am · এন ই নাও নিউজ, গুৱাহাটী

উচ্চতম ন্যায়ালয়ে বুধবাৰে হাৰিয়ানাত উচ্চবৰ্ণৰ হিন্দু সম্প্ৰদায়ৰ লোকৰ দ্বাৰা চলি থকা এক “নতুন ধৰণৰ প্ৰতাৰণা”ক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। অভিযোগ অনুসৰি, কেৱল সংখ্যালঘু সংৰক্ষণৰ সুবিধা লাভ কৰাৰ স্বাৰ্থত একাংশ লোকে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছে। এই সন্দৰ্ভত ন্যায়ালয়ে ৰাজ্যখনৰ মুখ্য সচিবৰ পৰা এক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ এক বিচাৰপীঠে হিচাৰৰ বাসিন্দা নিখিল কুমাৰ পুনিয়াৰ এক আবেদনৰ শুনানি গ্ৰহণ কৰিছিল। পুনিয়াই বৌদ্ধ ধৰ্মীয় বিশ্বাসৰ ভিত্তিত এগৰাকী সংখ্যালঘু প্ৰাৰ্থী হিচাপে নামভৰ্তিৰ সুযোগ বিচাৰিছিল। এই আবেদনৰ প্ৰতি সঁহাৰি জনাই মুখ্য ন্যায়াধীশে তীক্ষ্ণ মন্তব্য কৰি কয়, “বাঃ! এয়া এক নতুন ধৰণৰ প্ৰতাৰণা।” ইয়াৰ লগতে তেওঁ হাৰিয়ানা চৰকাৰক ৰাজ্যখনত ধৰ্মীয় সংখ্যালঘু প্ৰমাণপত্ৰ বিতৰণৰ প্ৰক্ৰিয়া সম্পৰ্কে ব্যাখ্যা দাঙি ধৰিবলৈ নিৰ্দেশ দিয়ে।

ন্যায়ালয়ে মুখ্য সচিবক সংখ্যালঘু প্ৰমাণপত্ৰ প্ৰদানৰ নিৰ্দেশনাৱলী স্পষ্ট কৰিবলৈ আৰু তেনে পৰিস্থিতিত এজন উচ্চবৰ্ণৰ সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীয়ে সংখ্যালঘু মৰ্যাদা দাবী কৰিব পাৰেনে নোৱাৰে, সেই বিষয়ে অৱগত কৰিবলৈ নিৰ্দেশ দিছে। শুনানিৰ সময়ত বিচাৰপীঠে আবেদনকাৰীৰ জাতিগত পটভূমিৰ বিষয়েও প্ৰশ্ন উত্থাপন কৰে। বিচাৰপীঠে কয় যে, “আপুনি পুনিয়া? আপুনি কোনটো সংখ্যালঘু সম্প্ৰদায়ৰ? মই এতিয়া পোনপটীয়াকৈ সুধিছোঁ— আপুনি কোনটো পুনিয়া?”

ইয়াৰ উত্তৰত আবেদনকাৰীৰ অধিবক্তাই কয় যে পুনিয়া জাট পুনিয়াসম্প্ৰদায়ৰ, যিটো সাধাৰণ শ্ৰেণীৰ অন্তৰ্ভুক্ত। যেতিয়া বিচাৰপীঠে এই সংখ্যালঘু দাবীৰ ওপৰত সন্দেহ প্ৰকাশ কৰে, তেতিয়া অধিবক্তাই যুক্তি দিয়ে যে আবেদনকাৰীয়ে বৌদ্ধ ধৰ্মলৈ ধৰ্মান্তৰিত হৈছে আৰু ধৰ্মান্তৰকৰণ এক ব্যক্তিগত পচন্দ তথা ধৰ্মীয় স্বাধীনতাৰ বিষয়।

অৱশ্যে, ন্যায়ালয়ে উল্লেখ কৰে যে এনে দাবীয়ে “প্ৰকৃত সংখ্যালঘু প্ৰাৰ্থীসকলক” তেওঁলোকৰ আইনী অধিকাৰৰ পৰা বঞ্চিত কৰিব পাৰে। এই পৰিপ্ৰেক্ষিতত ন্যায়ালয়ে আবেদনকাৰীক কোনো সকাহ প্ৰদানৰ পৰা বিৰত থকে আৰু আবেদনখন খাৰিজ কৰে।

Related News