NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰ চহৰৰ চন্দ্ৰপাৰাত তিনিদিনীয়া কাৰ্যসূচীৰে ইউপিপিএলৰ তৃতীয় ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন

Posted by: ৰিনয় বসুমতাৰী, কোকৰাঝাৰ Updated by: ৰিনয় বসুমতাৰী, কোকৰাঝাৰ November 12, 2022 5:06 pm

কোকৰাঝাৰ চহৰৰ চন্দ্ৰপাৰাত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ইউপিপিএল দলৰ তৃতীয় ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় অধিবেশনখনৰ আজি দ্বিতীয় দিন।

চন্দ্ৰপাৰাৰ জৌগালু পথাৰৰ প্ৰায় একহাজাৰ বিঘা বিশাল ভূমিত আটকধুনীয়াকৈ আৰম্ভ হোৱা আজিৰ দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা দলীয় পতাকা উত্তোলন কৰে দলৰ সভাপতি তথা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে।

ইয়াৰ পিছতে শ্বহীদ বেদীত শ্ৰদ্ধা জ্ঞাপন কৰে ৰাজ্যসভাৰ সাংসদ ৰৌনগৌৰা নাৰ্জাৰীয়ে।

বিশেষ প্ৰতিনিধি সভাও অনুষ্ঠিত হয়। য’ত ১০ খন জিলাৰ ৬,০০০ প্ৰতিনিধি উপস্থিত থাকে ।

ইপিনে সংবাদমাধ্যমৰ আগত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ২০২৪ চনত অনুষ্ঠিত হবলগীয়া লোকসভা নিৰ্বাচনত কোকৰাঝাৰত প্ৰাৰ্থিত্ব দিয়াতো নিশ্চিত আৰু ইয়াৰ বাবে পেনেল কমিটি গঠন কৰা বুলি প্ৰকাশ কৰে।

আজিৰ অনুষ্ঠানত কেবিনেট মন্ত্ৰী ইউ জি ব্রহ্ম, সাংসদ ৰৌনগৌৰা নাৰ্জাৰী, ইউ পি পি এল ৰ বিধায়কসকল আৰু কাৰ্যবাহী সদস্যসকল উপস্থিত থাকে।

তদুপৰি অধিবেশনৰ অন্তিম দিনাৰ মুকলি সভাত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিশিষ্ট অতিথি হিচাপে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, অগপৰ সভাপতি অতুল বৰা আৰু মিত্ৰজোঁটৰ জি এচ পিৰ নেতৃবৃন্দ উপস্থিত থাকিব।
কোকৰাঝাৰ চহৰৰ চন্দ্ৰপাৰাত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ইউপিপিএল দলৰ তৃতীয় ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় অধিবেশনখনৰ আজি দ্বিতীয় দিন।