NORTHEAST NOW (Assamese)

UPSC result অসামৰিক সেৱাৰ চূড়ান্ত পৰীক্ষাত শীৰ্ষত দিল্লীৰ শ্ৰুতি শৰ্মা,অসমৰ শিল্পা খনিকৰৰো সাফল্য

May 30, 2022 3:45 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: May 30, 2022 5:31 pm

ইউপিএছচিয়ে অনুষ্ঠিত কৰা ভাৰতীয় অসামাৰিক সেৱা পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। এইবাৰৰ পৰীক্ষাত দেশৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰিছে দিল্লীৰ শ্ৰুতি শৰ্মাই।

একেদৰে অসমৰো শিল্পা খনিকৰেও  স্থান লাভ কৰিছে বুলি জানিব পৰা গৈছে। এই পৰীক্ষাত শিল্পা খনিকৰে ৫০৬ নম্বৰ স্থান অধিকাৰ  কৰিছে। শিল্পা খনিকৰে গুৱাহাটীৰ হাতীগাঁৱৰ  লখিমি নগৰৰ মেঘমল্লা এপাৰ্টমেণ্টত বাস কৰে বুলি জানিব পৰা গৈছে।

ইউপিএছচিৰ অফিচিয়েল ৱেবছাইটৰ upsc.gov.inত ফলাফল উপলব্ধ হৈছে।

ইউপিএছচি চিএছই প্ৰাৰম্ভিক পৰীক্ষা ১০ অক্টোবৰ, ২০২১ তাৰিখে অনুষ্ঠিত হৈছিল আৰু পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হয়।
এই বছৰ পৰীক্ষাৰ শীৰ্ষ তিনিওটা পদ ছাত্ৰীয়ে লাভ কৰিছে। শ্ৰুতি ছেইণ্ট ষ্টিফেনছ কলেজ আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী।

তেওঁ জামিয়া মিলিয়া ইছলামিয়া আৱাসিক প্ৰশিক্ষণ একাডেমীত ইউপিএছচি অসামৰিক সেৱা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল।

অসামৰিক সেৱাৰ কেইটাবাটাও শাখাৰ বাবে মুঠ ৬৮৫ গৰাকী প্ৰাৰ্থীক এইবাৰ বাচনি কৰা হৈছে।

পৰীক্ষা মূলতঃ প্ৰাৰম্ভিক পৰীক্ষা, মুখ্য পৰীক্ষা আৰু সাক্ষাৎকাৰ পৰ্যায়ত অনুষ্ঠিত হৈছিল।

মুখ্য পৰীক্ষাটো জানুৱাৰী ৭ৰ পৰা ১৬, ২০২২ লৈ অনুষ্ঠিত হৈছিল, আৰু ফলাফল ১৭ মাৰ্চ, ২০২২ তাৰিখে ঘোষণা কৰা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সফলতা অৰ্জন কৰা প্ৰাৰ্থীসকলক অভিনন্দন জনাইছে৷

এইবাৰৰ পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত স্থানপ্ৰাপ্ত কেইগৰাকীমান প্ৰাৰ্থী হৈছে ক্ৰমে —১.শ্ৰুতি শৰ্মা, ২.অংকিতা আগৰৱালা, ৩. গামিনী চিংলা, ৪.ঐশ্বৰ্য বাৰ্মা৫ উৎকৰ্ষ দ্বিবেদী, ৬ যক্ষ চৌধুৰী, ৭ সমক চি. জাইন
৮ ঈশিতা ৰাঠী, ৯ প্ৰীতম কুমাৰ, ১০ হৰকিৰত সিং ।

Related News