NORTHEAST NOW (Assamese)

যোৰহাটত আশ্চৰ্যকৰ ঘটনা! মদাহী স্বামীৰ বৰ্বৰতা সহিব নোৱাৰি হত্যা কৰি জ্বলাই দিলে পত্নীয়ে

May 19, 2024 1:03 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 19, 2024 1:05 pm

প্ৰতিদিনে স্বামী মদ্যপান কৰি ঘৰলৈ উভতি আহিছিল। প্ৰহাৰ, হাৰাশাস্তি, নিৰ্যাতন প্ৰতিদিনে চলি আছিল। আনকি ৰেহাই দিয়া নাছিল নাবালক পুত্ৰকো। অৱশেষত স্বামীৰ অত্যাচাৰত বিৰক্ত হৈ পত্নীয়ে স্বামীক হত্যা কৰি শৰীৰটো জ্বলাই দিয়ে। ইতিমধ্যে অভিযুক্ত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

ঘটনাটো অসমৰ যোৰহাটৰ মুৰ্মুৰিয়া চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনা। প্ৰহ্লাদ সোৰেনে নাম ব্যক্তিজন উক্ত বাগিচাতে বাস কৰিছিল। তেওঁ পেছাত আছিল চাহ বাগিচাৰ শ্ৰমিক৷ প্ৰহ্লাদৰ পত্নীয়ে আৰক্ষীক জনোৱা মতে তেওঁ দীৰ্ঘদিন ধৰি ঘৰুৱা হিংসাৰ বলি হৈ আছিল। অভিযোগ অনুসৰি স্বামীয়ে প্ৰতিদিনে পত্নীক মাৰপিট কৰিছিল। ধৃত মহিলাগৰাকীয়ে সেই জীৱনৰ পৰা মুক্তি পাবলৈ স্বামীক হত্যা কৰা বুলি কয়। নাবালক পুত্ৰৰ সৈতে আৰক্ষীয়ে ইতিমধ্যে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছে। যোৰহাট জিলা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই কয় যে তেওঁৰ বিৰুদ্ধে সংশ্লিষ্ট আইন অনুসৰি বিচাৰ হ’ব।

যোৱা বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা। স্থানীয় সূত্ৰ অনুসৰি প্ৰহ্লাদৰ ঘৰৰ আশে-পাশে থকা একাংশ বাসিন্দাই তেওঁৰ পত্নীয়ে কিবা জ্বলাই থকা দেখিছিল। সেই কথাত তেওঁলোকৰ সন্দেহ উপজে।পাছত আৰক্ষীক এই বিষয়ে অৱগত কৰা হয়।আৰক্ষী আহি প্ৰহ্লাদৰ আধা পোৰা মৃতদেহ উদ্ধাৰ কৰে। লগে লগে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হয়। এই হত্যাকাণ্ডৰ কথা আৰক্ষীৰ আগত স্বীকাৰোক্তি দিছে অভিযুক্তই। লগতে তেওঁ কয় যে তেওঁ নিজৰ পুত্ৰক স্বামীৰ পৰা বচাবলৈ এই সিদ্ধান্ত লৈছিল।

মৃত লোকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আৰক্ষীয়ে মহিলাগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰিছে। বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Related News