NORTHEAST NOW (Assamese)

ভুল কৰি অভিনেতাক সজালে মুখ্যমন্ত্ৰী! কটাক্ষৰ সন্মুখীন অভিনেত্ৰী উৰ্বশী

July 28, 2023 12:25 pm · এন ই নাও নিউজ, গুৱাহাটী
উর্বশী ৰাউটেলা।

বলীউডৰ অভিনেত্ৰী উৰ্বশী ৰাউটেলা বাৰে বাৰে ছ’চিয়েল মিডিয়াত ট্ৰ’লৰ সন্মুখীন হয়। বেছিভাগ সময়তে এনে কটাক্ষৰ সৈতে সাঙোৰ খাই থাকে ক্ৰিকেটাৰ ঋষভ পন্তৰ নাম। কিন্তু এইবাৰ ঋষভ নহয়, উৰ্বশীৰ এটা টুইটৰ বাবেই ঘটিল অথন্তৰ।

উৰ্বশীয়ে টুইটটোত কি লিখিলে? উৰ্বশী ৰাউটেলাই দক্ষিণৰ অভিনেতা পৱন কল্যাণ আৰু সাই ধৰম তেজৰ সৈতে এখন ছবি পোষ্ট কৰিছে। আৰু সেই ছবিখন পোষ্ট কৰি কেপচনত লিখিছে, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী পৱন কল্যাণৰ সৈতে কাম কৰি গৌৰৱ অনুভৱ কৰিছো!

উৰ্বশীৰ এই টুইটটো দেখাৰ পিছত নেট জগতত হুলস্থুল আৰম্ভ হ’ল। উৰ্বশীলৈ নেটিজেনে স্পষ্টকৈ লিখিছে, এই মহিলাগৰাকীৰ কোনো মগজু নাই!

উল্লেখ্য যে অভিনেত্ৰী উৰ্বশী ৰাউটেলাৰ নাম সাঙোৰ খাইছিল ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পন্তৰ সৈতে। কিন্তু তেওঁলোকে বাৰে বাৰে বিভিন্ন ছ’চিয়েল মিডিয়া পোষ্টত ইজনে সিজনক খোচা মাৰিছিল। তাৰপিছতে এজন ক্ৰিকেটাৰৰ সৈতে উৰ্বশীৰ ঘনিষ্ঠতাক লৈ পুনৰ জল্পনা-কল্পনা আৰম্ভ হয়। বহু নেটিজেনে ভাবে যে উৰ্বশী ৰাউটেলাই ঋষভক পাহৰি গৈছে আৰু এতিয়া তেওঁ পাকিস্তানী ক্ৰিকেটাৰ নাছিম শ্বাহৰ প্ৰেমত পৰিছে।

ঋষভ পন্থৰ সৈতে উৰ্বশীৰ সম্পৰ্ক থাকিলেও সেয়া বৰ বেয়াকৈ শেষ হয়। শেহতীয়াকৈ এক সাক্ষাৎকাৰৰ পিছত অনুমান কৰা হৈছিল যে উৰ্বশীৰ ঋষভৰ প্ৰতি এতিয়াও দুৰ্বলতা আছে। কিন্তু নছিমৰ সৈতে ভিডিঅ’টো পোষ্ট কৰাৰ পাছত নেটিজেনসকলে অনুমান কৰিছে যে ঋষভ পৰ্ব এতিয়া শেষ।

Related News