NORTHEAST NOW (Assamese)
অসম

খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছখণ্ডত অসমক সহায় কৰিব পাৰে আমেৰিকাই : মাৰ্কিন ৰাষ্ট্ৰদূত

Posted by: এন ই নাও নিউজ February 26, 2019 7:10 pm
খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছখণ্ডত অসমক সহায় কৰিব পাৰে আমেৰিকাই : মাৰ্কিন ৰাষ্ট্ৰদূত

প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণলৈ অহা ভাৰতস্থিত মাৰ্কিন ৰাষ্ট্ৰদূত কেনেথ জাষ্টাৰে আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক লগ ধৰি এক আলোচনাত মিলিত হয়।

ৰাজ্য চৰকাৰৰ পৰা প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তিৰ মতে মাৰ্কিন ৰাষ্ট্ৰদূত গৰাকীয়ে অসমৰ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছখণ্ডৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এইক্ষেত্ৰত প্ৰযুক্তিগত সাহায্য আগবঢ়োৱাৰ দিশত আমেৰিকাই সহায় কৰিব পাৰে বুলি কয়।

তেওঁ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অসমে জৈৱিক কৃষি, স্বাস্থ্য সেৱা আৰু ডিজিটেল অৰ্থনীতি ইত্যাদি দিশত সহযোগিতাৰে কাম কৰাৰ থল আছে বুলিও উল্লেখ কৰে।

ইয়াৰ পূৰ্বে দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূৰ্বাঞ্চললৈ অহা ৰাষ্ট্ৰদূত কেনেথ জাষ্টাৰে পত্নীসহ কামাখ্যা মন্দিৰ দৰ্শন কৰে। কাইলৈ তেওঁ শ্বিলঙৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব।