NORTHEAST NOW (Assamese)

কিয় ব্যৰ্থ হ’ল আমেৰিকা-ইৰাণৰ শান্তি আলোচনা? কি ক’লে তেহৰান, জে ডি ভ্যান্সে?

April 12, 2026 9:50 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2026 11:21 am

পশ্চিম এছিয়াত ছয় সপ্তাহজোৰা যুদ্ধৰ অন্ত পেলাবলৈ পাকিস্তানৰ ইছলামাবাদত আমেৰিকা আৰু ইৰাণৰ মাজত আলোচনা অনুষ্ঠিত হয়। কিন্তু শান্তি আলোচনা অৱশেষত বিফল হ’ল। ইৰানে অভিযোগ কৰে যে আমেৰিকাৰ ‘অযুক্তিকৰ দাবীয়ে আলোচনাত অচলাৱস্থাৰ মূল কাৰণ।

ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ইৰাণৰ প্ৰতিনিধি দলটোৱে দেশৰ স্বাৰ্থ ৰক্ষাৰ বাবে ২১ ঘণ্টা ধৰি আলোচনাত মিলিত হয়। কিন্তু শেষত কোনো চুক্তিত উপনীত নহ’ল। ইৰাণে দাবী কৰে যে তেওঁলোকে একাধিক সমাধানৰ প্ৰস্তাৱ দিছিল যদিও আমেৰিকাৰ কঠোৰ স্থিতিৰ বাবে আলোচনা আগবাঢ়িব পৰা নাছিল।

আনহাতে, আমেৰিকাৰ হৈ উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্সে কয় যে তেওঁলোকে ‘চূড়ান্ত আৰু শ্ৰেষ্ঠ প্ৰস্তাৱ’ লৈ আলোচনাৰ টেবুলত বহিছিল। ইৰাণে সেই প্ৰস্তাৱ মানি ল’ব নে নাই সেই সন্দৰ্ভত তেওঁ সন্দেহ প্ৰকাশ কৰে। তেওঁৰ ভাষাত ‘আলোচনা সফল নহ’ল, যিটো ইৰাণৰ বাবে অধিক ক্ষতিকাৰক’।

আলোচনাৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে কেইবাবাৰো কথা পতা বুলিও ভান্সে কয়। আমেৰিকাৰ মূল চৰ্তসমূহৰ ভিতৰত আছিল ইৰাণে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ দিশত যাতে আগবাঢ়ে। কিন্তু তেহৰানে সেই চৰ্তত সন্মতি নিদিলে।

এই বৈঠকখন আছিল বিগত দশকত আমেৰিকা আৰু ইৰাণৰ মাজত হোৱা প্ৰথমখন প্ৰত্যক্ষ উচ্চ পৰ্যায়ৰ আলোচনা। ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ পিছৰে পৰা দুয়োখন দেশৰ সম্পৰ্কৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে। সেই প্ৰেক্ষাপটত এই আলোচনাবোৰ অতি গুৰুত্বপূৰ্ণ আছিল।

আলোচনাত অংশগ্ৰহণ কৰা আমেৰিকাৰ প্ৰতিনিধি দলত আছিল জে ডি ভ্যান্স, বিশেষ দূত ষ্টিভ উইটকফ আৰু জেৰেড কুছনাৰ। আনহাতে ইৰাণৰ নেতৃত্বত আছিল সংসদৰ অধ্যক্ষ মহম্মদ বাঘেৰ গালিবাফ আৰু বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচি।

পশ্চিম এছিয়াৰ এই যুদ্ধই ইতিমধ্যে হাজাৰ হাজাৰ লোকৰ প্ৰাণ কাঢ়ি নিছে। ইন্ধন সৰবৰাহৰ ক্ষেত্ৰত এক বৃহৎ আঘাত হৈছে। সমগ্ৰ বিশ্বতে মুদ্ৰাস্ফীতিৰ সমস্যাও দেখা গৈছে। অৰ্থনীতিতো ইয়াৰ প্ৰভাৱ পৰিছে। এই পৰিস্থিতিত শান্তি আলোচনা সফল নোহোৱাত উদ্বেগ বাঢ়িলে।

বিশেষজ্ঞসকলৰ মতে এই অচলাৱস্থা যদি দীৰ্ঘদিন ধৰি থাকে তেন্তে যুদ্ধ তীব্ৰতৰ হ’ব পাৰে। ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত বিশেষকৈ তেল আৰু গেছৰ মূল্যত নতুন চাপ পৰাৰ আশংকা দেখা গৈছে।

Related News