NORTHEAST NOW (Assamese)
অসম

উত্তেজনাৰ মাজতে আমেৰিকাত ৩জন চীনা গৱেষকক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 24, 2020 12:30 pm
US-Arrests-Three-Chinese-Investigators-Says-Another-Is-Taking-Shelter.img

চীন আৰু আমেৰিকাৰ মাজত চলি থকা উত্তেজনাৰ মাজতে চীনৰ চাৰিগৰাকী গৱেষকৰ বিৰুদ্ধে আমেৰিকাত ভিছা জালিয়াতিৰ অভিযোগ অনা হৈছে।

দেশখনৰ এফ বি আইয়ে বৃহস্পতিবাৰে তেওঁলোকৰ বিৰুদ্ধে অভিযোগ আনে। চীনৰ সামৰিক বাহিনীৰ সৈতে তেওঁলোকৰ সম্পৰ্কক লৈ তেওঁলোকে মিছা মতাৰ অভিযোগ তোলা হৈছে।

তেওঁলোকৰ ভিতৰত তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছে। আনজনে ছান ফ্ৰান্সিকোৰ দূতাবাসত আশ্ৰয় লৈছে যদিও এফবিআইয়ে তেওঁকো গ্ৰেপ্তাৰ কৰিব বিচাৰিছে।

আমেৰিকাৰ আইন মন্ত্ৰ্যালয়ে অভিযোগ কৰা মতে, এই গৱেষক চাৰিজন হৈছে দেশখনৰ ইনষ্টিটিউটসমূহৰ পৰা বৈজ্ঞানিক তথা প্ৰযুক্তিগত শিক্ষা গ্ৰহণত চীনৰ অনুপ্ৰৱেশৰ প্ৰচেষ্টাৰ অংশ।

দেশখনৰ মুক্ত সমাজ ব্যৱস্থাৰ পৰা সুবিধা ল’বলৈ তথা শৈক্ষিক প্ৰতিষ্ঠানসমূহক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ চীনৰ কমিউনিষ্ট পাৰ্টিৰ পৰিকল্পনাৰ অংশ বুলি অভিহিত কৰা হৈছে।

জানিব পৰা মতে, তেওঁলোকৰ ১০ বছৰৰ কাৰাদণ্ড আৰু আঢ়ৈ লাখ ডলাৰ জৰিমনা হ’ব পাৰে।

ইপিনে, চীনে ইয়াক তেওঁলোকৰ বিৰুদ্ধে ৰাজনৈতিক নিপীড়ন হিচাপে অভিহিত কৰিছে।

শেহতীয়াভাৱে সামৰিক, বাণিজ্যকে ধৰি বিভিন্ন বিষয়ত আমেৰিকা আৰু চীনৰ মাজত এক প্ৰবল বিদ্বেষপূৰ্ণ সম্পৰ্কৰ সৃষ্টি হৈছে।

বিভিন্ন সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে চীনক আক্ৰমণৰ লক্ষ্য হিচাপে লৈ বিদ্ৰুপ প্ৰকাশ কৰি আহিছে আৰু শেহতীয়াভাৱে কৰ’না ভাইৰাছক লৈ ট্ৰাম্পে চীনক প্ৰায় একাষৰীয়া কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।