NORTHEAST NOW (Assamese)

এইবাৰ উইঘুৰ মুছলমানৰ চুলি বলপূৰ্বক কাটি বিদেশত বিক্ৰী কৰিছে চীনে

October 12, 2020 10:52 am · এন ই নাও নিউজ
Updated: October 12, 2020 11:34 am

চীনৰ ছিনচিয়াং প্ৰদেশত বাসকৰা উইঘুৰ মুছলমান লোকৰ ওপৰত ঝি জিংপিন নেতৃাত্বাধীন চীনৰ চৰকাৰে অকথ্য নিৰ্যাতন চলোৱাৰ খবৰে বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আহিছে।

চীনৰ সেনাই বহু উইঘুৰ মহিলা-যুৱতীৰ সতীত্ব নাশ কৰাৰ লগতে গৰ্ভৱতী মহিলাক বলপূৰ্বক গৰ্ভপাত কৰোৱাবলৈ বাধ্য কৰিছে।

ছিনচিয়াং প্ৰদেশত থকা বহু মছজিদ চীনৰ চৰকাৰে ধ্বংস কৰা বুলিও আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰমাণ সহকাৰে বাতৰি পৰিবেশন কৰিছে।

উইঘুৰ মুছলমান লোকৰ বিৰুদ্ধে চীনৰ চৰকাৰে বৰ্বৰ আচৰণ কৰি থকাৰ মাজতে আন এক খবৰে এতিয়া উদ্বিগ্ন কৰিছে বিশ্বক।

খবৰ অনুসৰি চীনৰ সেনাই ডিটেনচন কেম্পত ৰখা উইঘুৰ মুছলমানলোকৰ চুলি খুৰাই সেই চুলি বিদেশৰ বজাৰত বিক্ৰী কৰি আহিছে।

উল্লেখ্য চীনৰ ছিনচিয়াং প্ৰদেশতে মানুহৰ চুলি সংসাধন কৰাৰ বৃহৎ বৃহৎ উদ্যোগ সমূহ আছে।

উইঘুৰ মুছলমান পুৰুষ আৰু মহিলাৰ চুলি খুৰাই বিদেশত বিক্ৰী কৰাৰ খবৰ বিয়পি পৰাৰ পিছতে চীনৰ বিৰুদ্ধে আমেৰিকাকে ধৰি ইউৰোপৰ বহু কেইখন দেশে সৰৱ হৈ পৰা পৰিলক্ষিত হৈছে।

চীনৰ পৰা চুলি আমদানি কৰা দেশ সমূহৰ ভিতৰত আমেৰিকা অন্যতম।

২০১৮ চনত আমেৰিকা চীনৰ পৰা আঢ়ৈ বিলিয়ন মাৰ্কিন ডলাৰ মূল্যৰ চুলি আমদানি কৰিছিল।

উইঘুৰ মুছলমান লোকৰ চুলি বলপূৰ্বক খুৰাই বিদেশত বিক্ৰী কৰাৰ খবৰ প্ৰচাৰ হোৱাৰ পিছতে আমেৰিকাই চীনৰ পৰা চুলি আমদানি কৰা বন্ধ কৰি দিছে।

আমেৰিকাৰ সীমা শুল্ক বিভাগে সীমান্তত অভিযান চলাই চীনৰ পৰা অহা প্ৰায় ১৩ টন চুলি জব্দ কৰিছে।

মানৱাধিকাৰ উলংঘা কৰি  উইঘুৰ মুছলমানৰ চুলি বিক্ৰী কৰাৰ অভিযোগত আমেৰিকাই চীনৰ কেইবাটাও কোম্পানীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে।

Related News