NORTHEAST NOW (Assamese)
অসম

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী May 19, 2022 9:31 am

এক নতুন ধৰণৰ ৰোগে এতিয়া চিন্তিত কৰি তুলিছে কোভিডে বিধ্বস্ত কৰা আমেৰিকাৰ চৰকাৰক। ১৯৮০ চনৰে পৰাই আমেৰিকাত যৌন সম্পৰ্কৰ জৰিয়তে বিয়পা এইছআইভিয়ে আতংকৰ সৃষ্টি কৰাৰ পিছত এইবাৰ যৌন সম্পৰ্ক ফলত সংক্ৰমিত হোৱা এবিধ নতুন ৰোগে আমেৰিকাত ত্ৰাসৰ সৃষ্টি কৰিছে।

মাংকি পক্স নামেৰে পৰিচিত এই ৰোগবিধ মূলতঃ যৌন সম্পৰ্কৰ জৰিয়তে বিয়পে যদিও ৰোগীয়ে ব্যৱহাৰ কৰা কাপোৰ-কানিৰ পৰাও ৰোগ বিধ বিয়পাৰ আশংকা থকা বুলি স্বাস্থ্য বিজ্ঞানীসকলে প্ৰকাশ কৰিছে। শেহতীয়াকৈ আমেৰিকাত মাংকি পক্সত আক্ৰান্ত প্ৰথমগৰাকী ৰোগী চিনাক্ত হৈছে।

কানাডাৰ কুইবেক প্ৰদেশতো এক ডজনৰো অধিক সন্দেহজনক মাংকি পক্সৰ লক্ষণে দেখা দিয়া লোকক পৰ্যবেক্ষণত ৰখা হৈছে।

আমেৰিকাত বুধবাৰে এজন ব্যক্তিৰ দেহত মাংকি পক্সৰ উপস্থিতি নিশ্চিত কৰা হৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ (চিডিচি) মতে, মাংকি পক্সৰ লক্ষণসমূহ হ’ল — জ্বৰ, পেশীৰ বিষ আৰু গ্ৰন্থি আদি ফুলা

মাংকি পক্সত আক্ৰান্ত লোকৰ মুখ আৰু শৰীৰত চিকেন পক্সৰ দৰে চোকোৰা-চোকৰ গুটি ওলায়।

যৌন সংক্ৰমণ আৰু তেজ-বাহিত সংক্ৰমণৰ জৰিয়তে মাংকি পক্সৰ বিস্তাৰ ঘটিব পাৰে বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেচাচুচেটছত মাংকি পক্সৰ প্ৰথমটো ঘটনা ধৰা পৰাৰ পিছতে সতৰ্ক হৈ পৰিছে স্বাস্থ্য কৰ্মীসকল।
আক্ৰান্ত ব্যক্তিজনকইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

সংক্ৰমিত ব্যক্তি এজনৰ শৰীৰত দেখা দিয়া গুটিৰ পানী আদি লাগিলেও আন লোকৰ এই ৰোগ হ’ব পাৰে।

স্পেইন আৰু পৰ্তুগালতো মাংকি পক্সৰ সংক্ৰমণ ঘটাৰ সন্দেহ কৰা হৈছে। সম্প্ৰতি প্ৰচলিত চিকিৎসা পদ্ধতিৰেই ৰোগ বিধৰ চিকিৎসা চলাই থকা হৈছে।