NORTHEAST NOW (Assamese)
অসম

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 28, 2026 12:33 pm

ভাৰতীয় উদ্যোগপতি গৌতম আদানী আৰু তেওঁৰ ভতিজাক সাগৰ আদানী আমেৰিকাত আইনী জটিলতাত আবদ্ধ হৈ পৰিছে। ইয়াৰ পূৰ্বে আমেৰিকা চৰকাৰে আদানী গ্ৰুপৰ বিৰুদ্ধে উত্থাপিত অপৰাধমূলক গোচৰ খাৰিজ কৰিছিল। এইবাৰ নিউয়ৰ্কৰ এখন জিলা আদালতে এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে। আদালতে এতিয়া গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ কৰিছে। ন্যায়াধীশগৰাকীয়ে আমেৰিকা চৰকাৰক উপযুক্ত কাৰণ আৰু প্ৰমাণৰ সৈতে উত্তৰ দিবলৈ নিৰ্দেশ দিছে।

শুকুৰবাৰে নিউয়ৰ্কৰ ইষ্টাৰ্ণ ডিষ্ট্ৰিক্ট কোৰ্টে আমেৰিকা চৰকাৰক নিৰ্দেশ দিয়ে যে ন্যায় বিভাগে কিয় আদানী গ্ৰুপৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰটো প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাইছে তাৰ নিৰ্দিষ্ট কাৰণ তথ্য প্ৰমাণসহ জনাব লাগিব।

আমেৰিকাৰ জিলা আদালতৰ ন্যায়াধীশ নিকোলাছ গাৰাউফিছে নিজৰ ৰায়দানত কয় যে চৰকাৰে দিয়া সংক্ষিপ্ত, সহজ আৰু একপক্ষীয় বক্তব্য আদালতে সিদ্ধান্তত উপনীত হ’বলৈ যথেষ্ট নহয়। গোচৰ খাৰিজ কৰাৰ এই অনুৰোধৰ বিশ্লেষণ কৰাৰ কোনো সুযোগেই চৰকাৰে আদালতক দিয়া নাই।

ন্যায়াধীশগৰাকীয়ে স্পষ্টভাৱে কয় যে উপযুক্ত যুক্তি আৰু পৰ্যাপ্ত তথ্যৰ অভাৱত আদালতে এই গোচৰ খাৰিজ কৰাৰ ক্ষেত্ৰত কোনো ন্যায়িক সিদ্ধান্ত ল’ব পৰা নাই। ১৩ জুলাইৰ ভিতৰত এই বিষয়ত আমেৰিকা চৰকাৰে আদালতত উত্তৰ দিব লাগিব।

মন কৰিবলগীয়া যে ২০২৪ চনৰ নৱেম্বৰ মাহত আমেৰিকাৰ ন্যায় বিভাগে গৌতম আদানী, সাগৰ আদানী আৰু আদানী গ্ৰীণ এনাৰ্জীৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া বিনীত জৈনৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰিছিল। অভিযোগ উত্থাপন হৈছিল যে তেওঁলোকে ভাৰত চৰকাৰৰ বিষয়াক বৃহৎ পৰিমাণৰ উৎকোচ দি আমেৰিকাৰ বিনিয়োগকাৰীৰ পৰা ধন সংগ্ৰহ কৰিছিল। কিন্তু পিছত তেওঁলোকে এই তথ্য আমেৰিকা প্ৰশাসনৰ পৰা লুকুৱাই ৰাখিছিল।

আনহাতে, আদানী গ্ৰুপে আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে দাখিল কৰা আন এটা দেৱানী গোচৰ (চিভিল কেচ) ১৮ মিলিয়ন ডলাৰত নিষ্পত্তি কৰিবলৈ সন্মত হৈছিল। কিন্তু জিলা আদালতৰ এই অটল স্থিতিৰ বাবে সেই নিষ্পত্তি এতিয়া ওলমি আছে। এই আইনী যুদ্ধৰ মাজতে আদানি গ্ৰুপৰ ফ্লেগশ্বিপ কোম্পানী ‘আদানি এণ্টাৰপ্ৰাইজ লিমিটেড’য়ে আমেৰিকাৰ কোষাগাৰ বিভাগক ২৭৫ মিলিয়ন ডলাৰ দিবলৈ সন্মত হৈছে। আমেৰিকাৰ নিষেধাজ্ঞা উলংঘা কৰি ইৰাণৰ পৰা প্ৰায় ১৯ কোটি ডলাৰৰ খাৰুৱা তেল ক্ৰয় কৰাৰ অভিযোগত তেওঁলোকে এই বৃহৎ জৰিমনা ভৰিবলগীয়া হৈছে।

ইপিনে, আমেৰিকাৰ আদালতত এই জটিল স্থিতি বৰ্তি থাকিলেও আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে দেশৰ মাটিত নিজৰ আত্মবিশ্বাস দেখুৱাবলৈ পিছ পৰা নাই। শেহতীয়াকৈ আদানী এণ্টাৰপ্ৰাইজৰ বাৰ্ষিক সাধাৰণ সভাত শ্বেয়াৰহোল্ডাৰসকলক সম্বোধন কৰি তেওঁ পৰোক্ষভাৱে আমেৰিকাৰ আইনী যুঁজৰ কথা উল্লেখ কৰে। নিজৰ সফলতাৰ কাহিনীৰ ওপৰত আলোকপাত কৰি গৌতম আদানীয়ে কয় যে, “যোৱা এটা বছৰত কোম্পানীটোৰ এই সফলতা অতি প্ৰতিকূল পৰিস্থিতিত সম্ভৱ হৈছে। আমি চৰম পৰীক্ষাৰ মাজেৰে পাৰ হ’বলগীয়া হৈছে। ইয়াৰ পিছতো আমি মূৰ তল কৰা নাই, আমি ৰৈ যোৱা নাই।”