NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰপতি জো বিডেনৰ পিছত আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ মন্তব্য,’ইউক্ৰেনত আক্ৰমণ চলাব ৰাছিয়াই’

February 20, 2022 11:16 am · এন ই নাও নিউজ, গুৱাহাটী
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেন আৰু প্ৰতিৰক্ষা মন্ত্ৰী লয়েড আষ্টিন।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনৰ পিছত এইবাৰ দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী লয়েড আষ্টিনেও কয় যে পুটিনৰ ৰাছিয়াই ইউক্ৰেনত আক্ৰমণ চলাবলৈ আগবাঢ়িছে।

আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে শনিবাৰে কয় যে ইউক্ৰেন সীমান্তত সেনা সমাৱেশেৰে স্নায়ুযুদ্ধৰ অৱতাৰণা কৰি মস্কোই বিশ্বক মহা সংকটত পেলাই দিছে।

লয়েড আষ্টিনে লিথুনিয়া ভ্ৰমণলৈ যোৱাৰ পূৰ্বে কয়,’’ ৰাছিয়াৰ সেনা এতিয়া সম্পূৰ্ণ যুদ্ধৰ বাবে প্ৰস্তুত হৈ উঠিছে, আক্ৰমণৰ বাবেও তেওঁলোক সাজু।‘’

লগতে পঢ়ক: গৌৰব গগৈৰ দাবী: যোগী আদিত্যনাথক অনুকৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই

আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে মাৰ্কিন সেনা প্ৰধানগৰাকীক সতৰ্ক হৈ থকাৰ লগতে ৰাছিয়াই ইউক্ৰেন আক্ৰমণ কৰিলে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰস্তুত থাকিবলৈ কৈছে।

উল্লেখ্য যে শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে কৈছিল যে ৰাছিয়াৰ ইউক্ৰেনৰ ৰাজধানী কিয়েভত আক্ৰমণৰ পৰিকল্পনা আছে।

সেয়ে, ইউক্ৰেন সীমান্তত উত্তেজনা হ্ৰাস কৰিবলৈ ৰাছিয়াক সেনা প্ৰত্যাহাৰৰ বাবেও আহ্বান জনাইছিল জো বিডেনে।

লগতে পঢ়ক:বিজেপিয়ে কোনোবাদিনা অসমখনকে কৰ্পোৰেটক লীজত দিব পাৰে: আছু

তদুপৰি, আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে সকীয়াই দি কৈছিল,’’ইয়াৰ পিছতো যদি ৰাছিয়াই যুদ্ধত অৱতীৰ্ণ হয়, তেতিয়াহ’লে ইয়াৰ সকলো দায়িত্ব মস্কোই ল’ব লাগিব।‘’ 

Related News